ডুমডুমা, 27 জুলাইঃ বান আৰু মহামাৰীয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ এই বিপদৰ ক্ষণত ভূতৰ ওপৰত দানহ পৰা দি তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মাজানত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ ৷ জানিব পৰা মতে,খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত ৷ ইয়াৰোপৰি বন্যহস্তীৰ জাকটোৱে পেঙেৰীৰ ব্ৰহ্মাজান তিনিআলিত থকা টাৰ্কেশ্বৰ ডুবে নামৰ এজন লোকৰ সমবাই দোকান এখন ভাঙি দোকানখনত থকা কেইবা বস্তা চাউল খাই নষ্ট কৰে ৷ ইমানতে শান্ত নাথকি হাতীৰ জাকটোৱে দোকানখনৰ বহু সা-সমগ্ৰী ভাঙি নষ্ট কৰে ।
পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ - বন্যহস্তী
ইফালে অঞ্চলটোৰ অজয় নেউৱা নামৰ আন এজন লোকৰ গেলামাল দোকানৰ লগতে কেইবাজনো লোকৰ ঘৰ ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী আঞ্চলিক বন বিভাগৰ অধীনৰ পেঙেৰী বনাঞ্চলত একাংশ বনদস্যুৱে অবাধ হাৰত বনাঞ্চল ধ্বংসযজ্ঞ চলাই অহাৰ বাবেই বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ সৃষ্টি কৰা বুলি স্থানীয় লোকসকলে অৱগত কৰে ।
লগতে পঢ়কঃ অচিনাক্ত বাহনৰ খুন্দাত বেজেৰাত লতামাকৰিৰ মত্যু
ইফালে অঞ্চলটোৰ অজয় নেউৱা নামৰ আন এজন লোকৰ গেলামাল দোকানৰ লগতে কেইবাজনো লোকৰ ঘৰ ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে । ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী আঞ্চলিক বন বিভাগৰ অধীনৰ পেঙেৰী বনাঞ্চলত একাংশ বনদস্যুৱে অবাধ হাৰত বনাঞ্চল ধ্বংসযজ্ঞ চলাই অহাৰ বাবেই বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ সৃষ্টি কৰা বুলি স্থানীয় লোকসকলে অৱগত কৰে । এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকসকলে আহ্বান জনাই ।