অসম

assam

ETV Bharat / state

আলফা(স্বা)য়ে হত্যা কৰা দুই যুৱকৰ আদ্যশ্ৰাদ্ধ পালন - ইটিভি ভাৰত

আলফা(স্বা)য়ে হত্যা কৰা দুই আলফা(স্বা) সদস্য অচ্যুত- প্ৰদ্যুৎৰ আদ্যশ্ৰাদ্ধ পালন ৷ জাতীয় শ্বহীদ ঘোষণা কৰিলে গাওঁবাসীয়ে ৷

Achyut and Pradyut

By

Published : May 14, 2019, 10:10 PM IST

শদিয়া,14 মে' : সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীন চমুকৈ আলফা(স্বা)ৰ বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হোৱা আলফা(স্বা)ৰ দুই সদস্য অচ্যুত ডেকা মৰাণ(30) আৰু প্ৰদ্যুৎ মৰাণ(20)ৰ আদ্যশ্ৰাদ্ধ পালন কৰা হয় সৰুমেচাই গাৱঁত ৷ মৰাণ সমাজৰ সম্পূৰ্ণ ৰীতি নীতিয়ে পালন কৰা আদ্যশ্ৰাদ্ধত প্ৰায় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ দুই যুৱকৰ গাঁৱত আদ্যশ্ৰাদ্ধত দুই গৰাকী বিপ্লৱী যুৱকৰ স্মৃতি স্বৰূপে এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে ৷

আলফা(স্বা)য়ে হত্যা কৰা দুই যুৱকৰ আদ্যশ্ৰাদ্ধ পালন

আদ্যশ্ৰাদ্ধৰ সমান্তৰালভাবে এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয় ৷ ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে সৰুমেচাই তথা কাষৰীয়া গাঁও সমুহত আলফা(স্বা) ৰ সদস্যৰ প্ৰৱেশত বাধা দিয়াৰ লগতে আলফা(স্বা) য়ে হত্যা কৰা সদস্য কেইজনক সৰুমেচাই গাওঁ ৰাইজে জাতীয় শ্বহীদ ঘোষণা কৰে ৷ হত্যা কৰি পৰিয়ালক খবৰ নিদিয়াতো আলফা(স্বা)ৰ সংবিধানত আছে বুলি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জনোৱা বিষয়তো একে মুখে অস্বীকাৰ কৰি গাঁওবাসীয়ে কয় যে হত্যা কৰি খবৰ দিয়া সংবিধানত নাথাকিলে হত্যা কৰাৰো অধিকাৰ তেওঁলোকৰ নাই ৷

লগতে পঢ়ক : সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে চলিছে নেকি ষড়যন্ত্ৰ ?

উল্লেখ্য যে , 2015 চনৰ চেপ্তেম্বৰ মাহতেই ঘৰৰ পৰা নোহোৱা হৈছিল অচ্যুত ডেকা মৰাণ আৰু প্ৰদ্যুৎ মৰাণ নামৰ যুৱক দুজন ৷ ঘৰৰ পৰা নোহোৱা হোৱাৰ কেইবামাহমানৰ পাচতেই পৰিয়ালৰ লোকে আৰক্ষী আৰু ভাৰতীয় সেনাৰ পৰা পাইছিল যুৱক দুজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ত যোগদান কৰাৰ বাতৰি ৷ 2015 চনৰ পৰা বিভিন্ন জনৰ পৰা পৰিয়ালৰ লোকে শুনিবলৈ পালে যুৱক দুজনক আলফা(স্বা)য়ে হত্যা কৰা বুলি ৷ অৱশেষত চলিত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখত আত্মসৰ্মপন কৰা বৃন্দাবন নামৰ আলফা(স্বা) সদস্যজনে দিয়া হত্যাৰ বাতৰিটো সত্যৰূপে পৰিয়াল দুটাই মানি লবলৈ বাধ্য হ'ল ৷

ABOUT THE AUTHOR

...view details