অসম

assam

ETV Bharat / state

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা

গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰিল আলফা স্বাধানৰ পতাকা ৷ তিনিচুকীয়াৰ বাৰেকুৰিৰ ডেংকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ আলফা স্বাধীনৰ পতাকাখন ।

By

Published : Jan 26, 2021, 11:37 AM IST

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা
৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা

তিনিচুকীয়া,26জানুৱাৰীঃ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই উৰিল তিনিচুকীয়াত আলফা (স্বা)ৰ পতাকা । তিনিচুকীয়াৰ বাৰেকুৰিৰ ডেংকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত উৰুৱাই থোৱা অৱস্থাত উদ্ধাৰ আলফা স্বাধীনৰ পতাকাখন । গণৰাজ্য দিৱসৰ দিনাই বিদ্যালয় খনৰ চৌহদত আলফাৰ পতাকা উদ্ধাৰৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা
অৱশ্যে বিদ্যালয় চৌহদত আলফাৰ পতাকা উৰুওৱা কাৰ্যত প্ৰকৃততে আলফা নে আন কোনো দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্য সংঘটিত কৰিলে এইপৰ্যন্ত পোহৰলৈ অহা নাই ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত গণৰাজ্য দিৱসৰ দিনাই বিদ্যালয় চৌহদত আলফাৰ পতাকা উৰুৱাত উজনি অসমত আলফাৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা বুলিও চৰ্চা হৈছে বিভিন্ন মহলত । সম্প্ৰতি সমগ্ৰ টনাৰ ওপৰত এতিয়া তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া প্ৰশাসনে।

ABOUT THE AUTHOR

...view details