তিনিচুকীয়া, 14 ফেব্ৰুৱাৰী : কুইপ’ তৈল প্ৰতিষ্ঠানৰ দুই অপহৃত বিষয়াক মোকলাই দিবলৈ আলফা স্বাধীনৰ অধ্যক্ষ পৰেশ বৰুৱাৰ জেৰাইগাঁৱস্থিত বাসগৃহত দেওবাৰে উপস্থিত হয় দুয়ো অপহৃতৰ পৰিয়ালৰ লোক ৷ তামোল পাণ লৈ পৰেশ বৰুৱাৰ পৰিয়ালৰ ওচৰত সেৱা জনায় অপহৃতৰ পৰিয়ালে ।
সংবাদ মাধ্যমৰ জৰিয়তে আৱেগিক হৈ দুয়োটা পৰিয়ালে কান্দি কান্দি আলফা স্বাধীনৰ অধ্যক্ষ পৰেশ বৰুৱাক লোক দুজনক মোকলাই দিবলৈ আহ্বান জনায় ।
পৰেশ বৰুৱাৰ বাসগৃহত তামোল-পাণ লৈ উপস্থিত অপহৃতৰ পৰিয়াল উল্লেখ্য যে, যোৱা বৰ্ষৰ ২১ ডিচেম্বৰৰ সন্ধিয়া ডিয়ুন আৰক্ষী থানাৰ অন্তৰ্গত ইনাও অঞ্চলৰ খুমচৈখাত কৰ্মত নিয়োজিত থকাৰ সময়তে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰিছিল আলফা (স্বা)আৰু এনএছচিএন-কেই ।
শেহতীয়াকৈ আলফা স্বাধীনে এক প্ৰেছ বিবৃতি জৰিয়তে জনাইছিল যে আগন্তুক ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত অপহৃত দুই বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত কুইপ’ তৈল প্ৰতিষ্ঠানে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ১৭ ফেব্ৰুৱাৰীত অপহৃত বিষয়া ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।
আনহাতে প্ৰেছ বিবৃতি যোগে আলফাই জনাইছিল যে, অনাগত দিনত যদি অপহৃত দুই বিষয়া কোনো অনাকাংক্ষিত ঘটনাত পতিত হয় তেন্তে তাৰ সম্পূৰ্ণ দায়িত্ব অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ভাৰতীয় সেনা বাহিনীয়ে গ্ৰহণ কৰিব লাগিব ৷ দেওবাৰে পৰেশ বৰুৱাৰ তিনিচুকীয়া জেৰাইগাঁৱৰ বাসগৃহত অপহৃত দুই অইল বিষয়াক মোকলাই দিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা