তিনিচুকীয়া, 26 জুনঃ দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ 6 নং আৰু 9 নং ৰেজিমেন্টে অভিযানত শুকুৰবাৰে, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা)ৰ সদস্য ৷ আটকাধীন কেডাৰ কেইগৰাকীৰ পৰা তিনিটা আমেৰিকা আৰু চীনত নিৰ্মিত 0.32 এমএম পিস্তল, ম্যানমাৰত নিৰ্মিত এটা 7.65 এমএম পিস্তল, চাৰিটা মেগজিন, 8 জাঁই সজীৱ গুলী আৰু এটা ২০ জাঁই সজীৱ গুলীসহ এ.কে. মেগজিন, মোবাইল ফোন জব্দ কৰে ৷
চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ - আলফা
শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ চাংকা হাবিত আটক হয় চাৰিগৰাকী আলফা (স্বা) কেডাৰ ৷ দিনজানস্থিত ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ 6 নং আৰু 9 নং ৰেজিমেন্টে অভিযানত আটক হয় কেডাৰ কেইজন ৷
আটকাধীন কেডাৰ কেইগৰাকী ক্ৰমে মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, চাৰ্জেন্ট অৰূপ দুৱৰা ওৰফে আঞ্চন অসম, চাৰ্জেন্ট সুৰজিৎ দুৱৰা ওৰফে খামন অসম আৰু চাৰ্জেন্ট জিন্টু অসম বুলি জানিব পৰা গৈছে ৷ আটকাধীন কেডাৰ কেইগৰাকীয়ে ম্যানমাৰৰ টাগাত প্ৰশিক্ষণ গ্ৰহণ কৰি, উজনি অসমত ধন দাবীৰ লগতে নতুন সদস্য ভৰ্তিৰ অভিযানত জড়িত থকা বুলি উল্লেখ কৰে সেনা সূত্ৰই ৷ ইতিমধ্যে আটাইকেইগৰাকী কেডাৰক ভাৰতীয় সেনাই গতাই দিয়ে চাংলাং লাজু আৰক্ষী চকীত ৷
লগতে পঢ়কঃমণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান