তিনিচুকীয়া, 8 অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে বিদ্ৰোহী সদস্যৰ আত্মসমৰ্পনৰ ঘটনা ৷ 2018 বৰ্ষত আলফাত যোগদান কৰা বহুসংখ্যকেই এতিয়া মূলসূঁতিলৈ ঘূৰি আহিবলৈ লৈছে ৷ আৰক্ষী আৰু সেনাৰ তীব্ৰতৰ অভিযানৰ লগতে ম্যানমাৰ সেনাৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ ঘাটিত সংঘটিত হোৱা আক্ৰমণৰ পিচতেই সংগ্ৰাম এৰি ঘূৰি আহিবলৈ বাধ্য হৈ পৰিছে বহুসংখ্যক আলফা সদস্য ৷
আলফা সদস্যগৰাকীৰ পৰা জব্দ হোৱা সামগ্ৰীখিনি শাৰদীয় দূৰ্গোৎসৱৰ মাজতেই তেনে এক অভিযানৰ নেতৃত্ব দি বৃহৎ সফলতা লাভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এগৰাকী আলফা কেডাৰ ৷ জিলাখনৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী চিকৰাজানৰ পৰা আটক হয় আলফা কেডাৰজন ৷
আৰক্ষীৰ সৈতে আটকাধীন আলফা সদস্যগৰাকী তিনিচুকীয়া আৰক্ষীৰ সহযোগত সমগ্ৰ অভিযানটোৰ নেতৃত্ব দিয়ে চিআৰপিএফৰ 210 কোব্ৰা আৰু স্থলসেনা 23 পাঞ্জাৱ আৰু 21 পেৰাই ৷ আটকাধীন সদস্যগৰাকী ডিগবৈ থানাৰ অন্তৰ্গত মাজ মামৰনিৰ শব্দ অসম ওৰফে জংকী বৰা বুলি জনাইছে আৰক্ষীয়ে ৷ আলফা কেডাৰগৰাকীৰ পৰা অভিযানকাৰী দলে 2ডাল ইলেকট্ৰিক ডিটনেটৰ, 2টা আইইডি চাৰ্কিট, 3টা 9.6V বেটেৰী, 1টা ৰিমট কন্ট'ল ডিভাইছ, 12 কিলোগ্ৰাম TNTৰ লগতে অন্যান্য আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ সৈতে আটকাধীন আলফা সদস্যগৰাকী আটকাধীন সদস্যগৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷