অসম

assam

ETV Bharat / state

বাঘজান তৈল খাদ অগ্নিকাণ্ডত নিখোজ দুই অইলৰ কৰ্মচাৰী - আতংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অগ্নিকাণ্ডত দুজনকৈ অইলৰ কৰ্মচাৰী নিখোজ হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ নিখোজ হোৱা কৰ্মচাৰী দুজন দূৰ্লভ গগৈ আৰু টিকেশ্বৰ গোঁহাই বুলি জানিব পৰা গৈছে ৷

নিখোজ দুই অইলৰ কৰ্মচাৰী
বাঘজান তৈল খাদত অগ্নিকাণ্ড

By

Published : Jun 10, 2020, 10:00 AM IST

নিউজ ডেস্ক, 10 জুন : আজিও নিয়ন্ত্ৰণৰ বাহিৰত বাঘজান তৈল খাদৰ অগ্নিকাণ্ড ৷ ন ন অঞ্চললৈ সম্প্ৰসাৰণ হৈছে তৈল খাদৰ জুই ৷ অগ্নিকাণ্ডত দুজনকৈ অইলৰ কৰ্মচাৰী নিখোজ হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ নিখোজ হোৱা কৰ্মচাৰী দুজন দূৰ্লভ গগৈ আৰু টিকেশ্বৰ গোঁহাই বুলি জানিব পৰা গৈছে ৷

বাঘজান তৈল খাদত অগ্নিকাণ্ড

ইতিমধ্যে স্থানীয় লোকসকলক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ আজি ঘটনাস্থলীত উপস্থিত হ'ব অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ স্থানীয় লোকসকলক আতংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰয়োজনত ভাৰতীয় বায়ু সেনাৰ সহায় লোৱাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বাঘজান তৈল খাদত অগ্নিকাণ্ড

উল্লেখ্য যে, তৈল খাদৰ অগ্নিকাণ্ডৰ ফলত বাঘজান এলেকাৰ প্ৰায় 50 ৰো অধিক ঘৰ জুইত জাঁহ গৈছে ৷ আনহাতে, 27 মে'ৰ পৰা চলি থকা এই গেছ নিৰ্গমনৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : অন্তঃসত্বা কন্যাৰ ওপৰত চলা অত্যাচাৰ সহিব নোৱাৰি পিতৃৰ আত্মহত্যা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details