তিনিচুকীয়া, 16 নৱেম্বৰ :অৰুণাচল প্ৰদেশৰ লংডিঙত পুনৰ সংঘটিত হৈছে এক অপহৰণকাণ্ড ৷ বৃহস্পতিবাৰে সংঘটিত হোৱা এই অপহৰণকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অৰুণাচল প্ৰদেশৰ লংডিঙত ৷ লগতে জোকাৰণিৰ সৃষ্টি কৰিছে অৰুণাচল আৰক্ষীৰ মাজত ৷
জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ লংডিঙত কৰ্মৰত দুই শ্ৰমিকক অপহৰণ কৰি নিয়ে সন্দেহজনক নগা উগ্ৰপন্থী NSCN (K-YA) গোটে ৷ NSCN (K-YA) ৰ তিনিজন সশস্ত্ৰ কেডাৰে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ তিজা নদীৰ ওচৰৰ অস্থায়ী শ্ৰমিক শিবিৰৰ পৰা কুনচা পংচাউ পথত পৰা দুজন শ্ৰমিকক অপহৰণ কৰি লৈ যায় ৷
প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা 4 বজাত সংঘটিত হয় এই অপহৰণকাণ্ডটো ৷ অপহৰণকাণ্ড সংঘটিত কৰাৰ পিছত এখন বলেৰ’ পিকআপ বাহনত ভাৰত-ম্যানমাৰ সীমান্তৰ দিশে লৈ যোৱা হয় দুই অপহৃতক শ্ৰমিকক ৷ অপহৃত দুই শ্ৰমিক ক্ৰমে উত্তৰ প্ৰদেশৰ শশাংক যাদৱ আৰু এনগিনু গাঁৱৰ লেমগাও গোৱাম বুলি চিনাক্ত কৰা হৈছে ৷
সমগ্ৰ অপহৰণকাণ্ডটো NSCN (K-YA) গোটৰ এছ এছ লেঃ কৰ্ণেল বোতাই ৱাংচু আৰু এছ এছ লেঃ আবোজাক ৱাংনোৱে সংঘটিত কৰিছে বুলি চৰ্চিত হৈ পৰিছে অৰুণাচল প্ৰদেশত ৷ পৰৱৰ্তী সময়ত এই শ্ৰমিক শিবিৰত অৰুণাচল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অপহৃত দুই শ্ৰমিকৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কি উদ্দেশ্য লৈ এই অপহৰণকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ লগতে বিদ্ৰোহী সংগঠনটোৱে এইপৰ্যন্ত এই অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷
লগতে পঢ়ক :দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এনকাউণ্টাৰ