অসম

assam

By

Published : Jun 25, 2023, 11:04 PM IST

ETV Bharat / state

Tinsukia lottery scam: তিনিচুকীয়াৰ লটাৰী প্ৰৱঞ্চনাৰ সৈতে জড়িত দুই সাংবাদিকক গ্ৰেপ্তাৰ; এতিয়াও পলাতক মাষ্টাৰমাইণ্ড

তিনিচুকীয়াৰ বিতৰ্কিত লটাৰী খেল প্ৰৱঞ্চনাৰ সৈতে জড়িত এজনৰ পাচত আন এজন ব্যক্তি পৰিছে আৰক্ষীৰ জালত ৷ দেওবাৰে এই কেলেংকাৰীৰে জড়িত দুই সাংবাদিকক গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ অৱশ্যে এতিয়াও পলাতক মাষ্টাৰমাইণ্ড ভাস্কৰ নাথ ৷

Tinsukia lottery scam
Tinsukia lottery scam

তিনিচুকীয়া, ২৫ জুন: ৰাজ্যজুৰি চৰ্চা হোৱা তিনিচুকীয়াৰ ২নং কদমনি নামঘৰ আৰু হৰিচৰ্চা কেন্দ্ৰৰ সাহায্যাৰ্থে এটা চক্ৰই উপহাৰ কুপনৰ নামত পেলোৱা জালৰ স’তে সাঙুৰ খোৱা তিনিচুকীয়া দুগৰাকী সাংবাদিকক শনিবাৰে পুৱতি নিশা নিজা ঘৰৰ পৰা আটক কৰি তদন্ত অব্যাহত ৰখাৰ পাচত দেওবাৰে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ পৃথক পৃথক বৈদ্যুতিন মাধ্যমৰ সাংবাদিকদ্বয় নখৰাইৰ সন্তোষ ফুকন আৰু হিজুগুৰি ভি আই পি পথৰ সৌৰভ চৌধুৰী ৷

উল্লেখ্য যে সন্তোষ ফুকনে ইয়াৰ পূৰ্বেও কেইবাটাও বিভিন্ন গোচৰত অভিযুক্ত আছিল ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ৪০৬/৪২০/৪৬৮ ধাৰাৰ বিপৰীতে ৰুজু কৰা ৩৭৯/২৩ নম্বৰ গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হয় বুলি সদৰী কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে ৷ লগতে ধৃত সাংবাদিক সন্তুষ ফুকনে খেলৰ আয়োজক সমিতিৰ পৰা এক লাখ টকা লোৱাৰ লগতে সৌৰভ চৌধুৰীয়ে বিভিন্ন পক্ষক মেনেজ কৰা আৰু টিকত বিক্ৰী কৰি প্ৰায় তিনি লাখ টকা লোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে, প্ৰৱঞ্চক চক্ৰটোৰ স্থানীয় মূল ব্যক্তি হৃদয় কুৰ্মী, নীলপৱন চেতিয়া, গুনদ্বীপ চেতিয়া, মুন বৰুৱাক শুকুৰবাৰে নিশা শ্বিলংৰ পৰা আহি থকাৰ সময়ত আটক কৰাৰ লগতে সোমবাৰে নিশা শিৱসাগৰৰ পৰা শিৱসাগৰৰ ৰিংকু নাথ, দ্বীপাংক নাথ, মানৱজ্যোতি নাথ আৰু লাইপুলিৰ পাৰ্থদ্বীপ চেতিয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

উক্ত বিতৰ্কিত উপহাৰ কুপনৰ খেলৰ স’তে জড়িত এই পয্যন্ত দুই সাংবাদিকসহ আঠজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উপহাৰ হিচাবে প্ৰদৰ্শন কৰা এখন টাটা পাঞ্চ, এখন মাৰুতী এল্ট’, এখন ৰেনল্ড কুইড, এখন মটৰচাইকেল আৰু দুখন স্কুটিসহ নগদ ৮৫ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে দুটাকৈ বেংক একাউণ্টত জমা কৰা ধনৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে ৷

কিন্তু এই পৰ্যন্ত পলাতক অৱস্থাত আছে উপহাৰ কুপন খেলখনৰ মাষ্টাৰমাইণ্ড শিৱসাগৰ বকতাৰ ভাস্কৰ নাথ ৷ তিনিচুকীয়া আৰক্ষীয়ে তদন্তত লাভ কৰা তথ্য অনুসৰি উপহাৰ কুপনত প্ৰদৰ্শন কৰা এখন মহিন্দ্ৰা থাৰ আৰু এখন টাটা হেৰিয়াৰসহ কুপনৰ পৰা লাভ কৰা অধিক সংখ্যক ধন লৈ আত্মগোপন কৰি আছে ভাস্কৰ নাথে ৷ নাথক বিচাৰি বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ সমান্তৰালভাৱে, ফলাফলৰ তালিকাত স্বাক্ষৰ কৰা লাইপুলিৰ বিজেপি নেতা সৰৎ চাংমাইসহ আন দুজন পলাতক অৱস্থাত আছে ৷

উল্লেখ্য যে, ১৮ জুনত প্ৰকাশ পোৱা উপহাৰ কুপনৰ ফলাফলৰ তালিকা গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুৰ কাষৰ এটা অট্টালিকাত নিশা প্ৰস্তুত কৰা বুলি আৰক্ষীৰ তদন্তত অভিযুক্তসকলে স্বীকাৰ কৰিছে ৷ যদিহে প্ৰকৃতাৰ্থত গুৱাহাটীত সেই তালিকা প্ৰস্তুত কৰিছে তেন্তে বিচাৰক হিচাবে স্বাক্ষৰ কৰা শৰৎ চাংমাইসহ আন দুজনে নিশ্চয়কৈ মোটা অংকৰ ধনৰ বিনিময়ত স্বাক্ষৰ প্ৰদান কৰিছে ৷ এতিয়া বিজেপি নেতা, সাংবাদিকৰ পাচত আন কোনো জনগোষ্ঠীয় সংগঠনৰ নেতাও এই সন্দৰ্ভত আৰক্ষীৰ আইনৰ মেৰপাকত পৰাৰ সম্ভাৱনা বুলি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:Ranoj Pegu Controversy: শিক্ষকক উদ্দেশ্যি কটু মন্তব্য শিক্ষামন্ত্ৰীৰ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details