তিনিচুকীয়া, 17 নৱেম্বৰ :বৃহস্পতিবাৰ অৰ্থাৎ 16 নৱেম্বৰৰ দিনটোত তিনিচুকীয়া জিলাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এজন কৰ্মচাৰী থিতাতে নিহত হয় ৷
প্ৰথমটো দুৰ্ঘটনা বিয়লি প্ৰায় 4 বজাত মাকুম চহৰৰ সমীপৰ আনন্দবাগ চাহ বাগিচাৰ বাইপাছত সংঘটিত হয় । বাইপাছেৰে মাকুমৰ দিশে আহি থকা AS06 BC3050 নম্বৰৰ ডাম্পাৰখনত AS23 W2863 নম্বৰৰ মাৰুতী চুজুকি ব্ৰেজা বাহন এখনে তীব্ৰবেগেৰে খুন্দা মাৰে । এই দুৰ্ঘটনাটোত মাৰ্ঘেৰিটাৰ পৰা নিজ কৰ্তব্য সমাপন কৰি আহি থকা এজন আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়ে ৷ ভয়ংকৰ দুৰ্ঘটনাটোত ব্ৰেজা বাহনখনৰ সন্মুখভাগ প্ৰায় ভাঙি চুৰমাৰ হোৱাৰ লগতে বাহনখনৰ এটা চকা এৰি যায় ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ বাহনখনত থকা আৰক্ষী বিষয়াজনক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷