অসম

assam

কাকপথাৰত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

By

Published : Nov 25, 2020, 9:43 PM IST

কাকপথাৰত প্ৰয়াত সাংবাদিক গৰাকীক জনোৱা হয় শ্ৰদ্ধাঞ্জলি । তিনিচুকীয়া জিলা সাংবাদিক সন্থা, কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু কাকপথাৰৰ সমূহ জাতীয় জনগোষ্ঠীয় সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কাকপথাৰবাসী ৰাইজৰ সহযোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহৰ প্ৰাংগনত বুধবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷

tribute-to-parag-bhuyan
কাকপথাৰত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

শদিয়া, 25 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিৰ্ভিক সাংবাদিক প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ১২ নবেম্বৰ তাৰিখে ৰহস্যজনক দূৰ্ঘটনাত মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও সম্প্ৰচাৰ কৰিছিল পৰাগ ভঞাৰ মৃত্যুৰ বাতৰি ৷ ৰাজ্যৰ মূখ্যমন্ত্ৰীয়েও তাৎক্ষণিক ভাৱে চি আই ডিৰ তদন্তৰ ঘোষণা কৰে ৷ বিভিন্ন সাংবাদিক সংগঠনে পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন ঠাইত সাংবাদিক গৰাকীৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰে বিভিন্ন সাংবাদিক সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানে ৷

কাকপথাৰত প্ৰয়াত সাংবাদিক পৰাগ ভূঞালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ইয়াৰ সমান্তৰালকৈ কাকপথাৰতো প্ৰয়াত সাংবাদিক গৰাকীক জনোৱা হয় শ্ৰদ্ধাঞ্জলি । তিনিচুকীয়া জিলা সাংবাদিক সন্থা, কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু কাকপথাৰৰ সমূহ জাতীয় জনগোষ্ঠীয় সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কাকপথাৰবাসী ৰাইজৰ সহযোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহৰ প্ৰাংগনত বুধবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷

উক্ত সভাতেই প্ৰয়াত সাংবাদিক গৰাকীক শ্ৰদ্ধা জনাই এখনি স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ৷ পুৱা ১০ বজাত প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পণৰ পাছত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ সভাপতি সম্পাদককে বহু কেইজন বিষয়ববীয়ৰ উপস্থিত থাকে ৷

লগতে পঢ়ক: প্ৰয়াত তৰুণ গগৈৰ অন্তিম যাত্ৰাত মহানগৰীত যানবাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details