অসম

assam

ETV Bharat / state

ডিগবৈত ৰে’লৰ খুন্দাত নিহত মহিলা

ডিগবৈৰ অন্তৰ্গত উল্টাপুলত ৰে’লৰ খুন্দাত নিহত মহিলা ৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ তিনি বছৰীয়া কন্যা ৷

By

Published : Aug 28, 2021, 9:45 AM IST

ডিগবৈত ৰে’লৰ খুন্দাত নিহত মহিলা
ডিগবৈত ৰে’লৰ খুন্দাত নিহত মহিলা

তিনিচুকীয়া, 28 আগষ্ট : ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত উল্টাপুলত শোকাবহ ঘটনা সংঘটিত ৷ তিনিচুকীয়াৰ দিশৰ পৰা লিডু অভিমুখে গৈ থকা যাত্ৰীবাহী ইণ্টাৰচিটি ৰে’লৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মহিলাগৰাকী 22 বছৰীয়া মৌচুমী বৰা বুলি জানিব পৰা গৈছে ৷ নিহত মহিলাগৰাকী উল্টাপুলৰে বাসিন্দা ৷ মহিলাগৰাকীৰ লগতে তিনিবছৰীয়া কণমানি কন্যা অদিতি বৰাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ইতিমধ্যে অদিতিক ডিগবৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় ৰে’লৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ স্থানীয় ৰাইজে মহিলাগৰাকীয়ে আত্মহত্যা কৰিবলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে ৷

লগতে চাওক :মূল বান্ধৰ ওপৰেদি পানী বৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

ABOUT THE AUTHOR

...view details