অসম

assam

By

Published : Mar 2, 2020, 5:21 PM IST

ETV Bharat / state

পেঙেৰীৰ ব্ৰহ্মাজানত আটক ছয় জনীয়া ডকাইতৰ দল

তিনিচুকীয়াৰ ব্ৰহ্মাজানত পেঙেৰী আৰক্ষীৰ অভিযান ৷ এই অভিযানত আটক 6 দুধৰ্ষ ডকাইত ৷ দীৰ্ঘদিন ধৰি ডকাইতৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ অৱশেষত আৰক্ষীৰ জালত ডকাইতৰ দলটো ৷

পেঙেৰীৰ ব্ৰহ্মাজানত আটক ছয় জনীয়া ডকাইতৰ দল
পেঙেৰীৰ ব্ৰহ্মাজানত আটক ছয় জনীয়া ডকাইতৰ দল

ডুমডুমা, 2 মাৰ্চঃতিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মাজানত পেঙেৰী আৰক্ষীৰ এক অভিযানত ছয়টাকৈ দুধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয় । পেঙেৰীৰ বুঢ়ীদিহিং বনাঞ্চলত আৰক্ষীয়ে খেদি খেদি আটক কৰে ডকাইতৰ দলটোক ।

পেঙেৰীৰ ব্ৰহ্মাজানত আটক ছয় জনীয়া ডকাইতৰ দল
ডকাইত কেইটাৰ পৰা দুখন চোকা অস্ত্ৰৰ লগতে দুখন মটৰ চাইকেল,এটা 9mm পিষ্টল আৰু তিনিটাকৈ সজীৱ গুলী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে । ডকাইত কেইটা ক্ৰমে ঋতুৰাজ গোহাঁই,বনজিৎ গগৈ,বিজিত ক্ৰান্তি কুমাৰ বৰা,বিকাশ বৰা,ভৈৰৱ গোহাঁইআৰু ৰাহুল বৰা বুলি জানিব পৰা গৈছে । ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত গাড়ী ৰখাই অস্ত্ৰ দেখুৱাই ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । দেওবাৰেও তামুলভৰ্তি এখন বাহনত ডকাইতিৰ চেষ্টা চলাইছিল দলটোৱে । বৰ্তমান পেঙেৰী আৰক্ষীৰ অভিযানকাৰী দলে সোধ পোচ অব্যাহত ৰাখিছে ডকাইতৰ দলটোক ৷

ABOUT THE AUTHOR

...view details