অসম

assam

ETV Bharat / state

ডিব্ৰু নৈৰ বাঢ়নী পানীত ডুবিল কেবাখনো গাঁও - ETV BHARAT ASSAM

তিনিচুকীয়া ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাৱিত হৈছে জিলাখনৰ কুৰিখনৰো অধিক গাঁও ৷

তিনিচুকীয়াত ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে

By

Published : Jul 12, 2019, 9:14 PM IST

তিনিচুকীয়া,12 জুলাইঃ তিনিচুকীয়া ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে ৷ ধাৰাষাৰ বৰষুণৰ ফলত ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাৱিত হৈছে জিলাখনৰ কুৰিখনৰো অধিক গাঁও ৷

তিনিচুকীয়াত ৰূদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈয়ে
চাবুৱা বিধান সভা সমষ্টিৰ গুইজানত ডিব্ৰুনৈৰ বাঢ়নী পানীত ডুব গৈছে আঠখনকৈ গাঁও ৷ ইতিমধ্যে ৰঙাগড়া-গুইজান সংযোগী পথত থকা গুইজান আৰক্ষী চকী পানীৰ তলত ৷নলনী,নতুন গাওঁৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে অঞ্চলটোত ৷ ইফালে তিনিচুকীয়া বিধান সভা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰিয়াটিং,বৰগাঁৱ,ধেলাখাট,মতাপুং আৰু বেবেজীয়াতো ডিব্ৰুনৈৰ বাঢ়নী পানীৰে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে৷ শুকুৰবাৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানে অঞ্চলটোৰ বন্যাতৰ আশ্ৰয় শিৱিৰ সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াই৷

ABOUT THE AUTHOR

...view details