তিনিচুকীয়া, 2 আগষ্টঃতিনিচুকীয়াত আজৱ কাণ্ড ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ দুজকৈ জীৱিত ৰোগী ৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চল অঞ্চলজুৰি ৷ শুকুৰবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ সৈতে আইচুলেচন কোঠাত দুজনকৈ জীৱিত ৰোগীক উদ্ধাৰ কৰে ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত বুলি চিকিৎসালয় কতৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ ৷ এনে অমানবীয় কাৰ্যক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে চিকিৎসালয় কতৃপক্ষ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক এন চি মহন্তই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত ৷
মৃতদেহৰ লগত উদ্ধাৰ দুজনকৈ জীৱিত ৰোগী - assam news
শুকুৰবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত মৃতদেহৰ সৈতে আইচুলেচন কোঠাত দুজনকৈ জীৱিত ৰোগীক উদ্ধাৰ কৰে ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত্যু হোৱা বুলি চিকিৎসালয় কতৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ ৷
মৃতদেহৰ লগত উদ্ধাৰ দুজনকৈ জীৱিত ৰোগী
উল্লেখ্য যে, জীৱিত ব্যক্তি দুগৰাকী মৰ্গ তথা মৃতদেহ ৰখা কোঠাৰ পৰা উদ্ধাৰ হোৱা বুলি প্ৰকাশ পাইছিল বাতৰি ৷ কিন্তু ইটিভি ভাৰতৰ বাতৰি প্ৰকাশৰ পাচতে তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে সাংবাদিক প্ৰশান্ত খাটোৱালক ৰোগী দুগৰাকী মৰ্গ নহয় আইচুলেচন কোঠাতহে ৰখা হৈছিল বুলি মন্তব্য কৰে ৷
Last Updated : Aug 2, 2019, 6:05 PM IST