তিনিচুকীয়া,৬ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি চলি থকা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে তিনিচুকীয়া পেঙেৰীৰ পৰা এগৰাকী ছাত্ৰ সন্থাৰ নেতা নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে ন ন সন্দেহৰ ৷ তিনিচুকীয়াৰ পেঙেৰীৰ আছু নেতা বিজু গগৈ ৩ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াৰ আই.টি.আইৰ খেলপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আয়োজন কৰা গণ হুংকাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নিজ ঘৰলৈ আজিও উভতি যোৱাৰ পথৰ পৰাই নিৰুদ্দেশ হৈ আছে ৷
কিন্তু ক'লৈ গ'ল পেঙেৰীৰ আছু নেতা বিজু গগৈ ?
বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা নগাপথাৰৰ যুৱক বিজু গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ মাজতে এনেদৰে হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়াল তথা স্থানীয় লোকসকলক চিন্তিত কৰি তুলিছে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় পেঙেৰী থানাত লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত বিজু গগৈৰ কোনো সন্ধান ওলিয়াব পৰা নাই আৰক্ষীয়ে ৷