তিনিচুকীয়া, 11 অক্টোবৰঃ শুকুৰবাৰে তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হয় এক অপহৰণ কাণ্ড । সন্ধিয়া প্ৰায় ৭ বজাত চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰে তালাপস্থিত শংকৰ চাহ বাগিছাৰ মুখ্য ফিটাৰ (fitter) হিচাপে কৰ্মৰত গৌৰাংগ সোন্দৰ দেৱ নামৰ লোকজনক । ইফালে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি প্ৰথমে সামৰিক পোছাকত দুজন অস্ত্ৰধাৰী যুৱক আহিছিল চাহ ফেক্টৰীটোলৈ আৰু বাগিছাখনৰ পৰিচালকক বিছাৰিছিল যুৱক কেইজনে । কিন্তু নিজকে আলফা (স্বাধীন)ৰ সদস্য বুলি পৰিচয় দি বাগিছাৰ পৰিচালক গৰাকীক নাপাই মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ দেৱকে লৈ যায় ।
তিনিচুকীয়াৰ শংকৰ চাহ বাগিচাৰ হেড ফিটাৰ গৌৰাং সোন্দৰ দেৱ’ক অপহৰণ - তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া
তিনিচুকীয়াৰ তালাপস্থিত শংকৰ চাহ বাগিছাৰ মুখ্য ফিটাৰ (fitter) হিচাপে কৰ্মৰত গৌৰাংগ সোন্দৰ দেৱ নামৰ লোকজনক অপহৰণ । চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰে মুখ্য ফিটাৰ ৰূপে কৰ্মৰত লোকজনক ৷
অপহূত গৌৰাংগ সোন্দৰ দেৱ
ইফালে জিলাখনত আলফাৰ দুধৰ্ষ নেতা ৰূপম অসমৰ নেতৃত্বত এটা চাৰিজনীয়া আলফাৰ দল বিচৰণ কৰি ফুৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল ৷ ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে ভাৰতীয় সেনাৰ কেইবাটাও বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান । সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি চাহ বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷