হাজাৰ হাজাৰ বগলীৰে শুভ্ৰ হৈ পৰা এখন বাঁহনি - etv bharat
হাজাৰ হাজাৰ বগলীৰে শুভ্ৰ হৈ পৰিছে টিংখাঙৰ এখন বাঁহনি ৷ বিগত ১৪/১৫ বছৰ ধৰি প্ৰতিবছৰে এই অঞ্চলটোলৈ এনেকৈ আগমন ঘটিছে বগলীসমূহৰ
টিংখাং, 3 আগষ্টঃ টিংখাঙৰ এখন বাঁহনি, হাজাৰ হাজাৰ বগলীৰে শুভ্ৰ হৈ পৰিছে বাঁহনিখন ৷ টিংখাঙৰ ৰাজগড়ৰ সমীপৰ ২নং তিপমীয়া গাঁৱৰ প্ৰতিঘৰ লোকৰ বাঁহনিত হাজাৰ হাজাৰ বগলীৰ শুকুলা আঁচলেৰে শুভ্ৰ হৈ পৰিছে ৷ বিগত ১৪/১৫ বছৰ ধৰি প্ৰতিবছৰে এই অঞ্চলটোলৈ এনেকৈ আগমন ঘটে বগলীসমূহৰ ৷ চৰাইবিধৰ বাবে গাওঁবাসীৰ বহু অনিষ্টও সাধন হৈছে তথা মাংসলোভী একাংশ লোকে বগলী হত্যা কৰিবলৈ উদ্যত হয় যদিও অঞ্চলটোৰ সচেতন লোকৰ সহযোগত বাঁহনি ডৰাৰ গৰাকী সকলে এনে দুষ্কাৰ্য প্ৰতিহত কৰি বগলীজাকক সুৰক্ষা দি আহিছে ৷ চৰাইবিধক গাঁওবাসীয়ে এক গৌৰৱৰ প্ৰতীক হিচপে গণ্য কৰি আহিছে ৷