তিনিচুকীয়া, 28 অক্টোবৰ : ৰাজ্যত অসমীয়া ভাষাৰ ওপৰত অসন্মান চলি থকা সময়তে পুনৰ তিনিচুকীয়াৰ হিজুগুৰি ঐতিহ্যমণ্ডিত বৰনামঘৰৰ প্ৰতি নামি আহিছে ভাবুকি ৷ ৰাইজৰ অভিযোগ মতে ভাৰতীয় ৰে’ল বিভাগৰ বাবেই সংকটৰ মুখা-মুখি হৈছে বৰনামঘৰটো ৷ ১৯৬৭ চনতে এই বৰ নামঘৰটো স্থানীয় অসমীয়া ৰাইজে স্থাপন কৰিছিল । সম্প্ৰতি এই নামঘৰৰ লগতে নামঘৰৰ খেলপথাৰখনো তিনিচুকীয়া ৰে’ল বিভাগে অধিগ্ৰহণ কৰাৰ চেষ্টা চলাইছে বুলি জানিব পৰা গৈছে ।
এই ক্ষেত্ৰত হিজুগুৰি স্থানীয় ৰাইজে ৰে’ল বিভাগক নিজৰ আপত্তি সন্দৰ্ভত অৱগত কৰিছে ৷ অৱশ্যে, বিষয়টো সন্দৰ্ভত ৰে’ল বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে হিজুগুৰি অঞ্চলত অন্য বহু মঠ মন্দিৰ আছে যদিও, কেৱল মাথোঁ এই অসমীয়াৰ বৰ নামঘৰটোৰ ওপৰতহে ৰে’ল বিভাগে চকু দিয়াকলৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে ৰাইজে ৷