মৰাণ, 25মে':প্ৰতিযোগিতাৰ পৃথিৱীত কোনোবাই যদিও লাহ-বিলাসৰ মাজতে জীৱন উপভোগ কৰিছে আন কোনোবাই উৰুখা পঁজাতে এসাঁজ খাই দিন পাৰ কৰিব লগা হৈছে । কেতিয়াবা এনে ঘটনাও হয়, কাৰোবাৰ পুত্ৰ-জী থাকিও জীৱন পাৰ কৰিছে অকলশৰে দুখ-কষ্টৰ মাজৰে । তেনে এটা ঘটনাই সংঘটিত হৈছে মৰাণত । লকডাউনৰ মাজতে পোহৰলৈ আহিছে 60 বছৰীয়া এগৰাকী আইতাৰ কৰুণ কাহিনী ৷
কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰা আইতাগৰাকীয়ে বছৰ বছৰ ধৰি গোহালী সদৃশ এক পৰিৱেশত জীৱন অতিবাহিত কৰি আহিছে ৷ ঘুণ্টি গোৱালা নামৰ আইতাগৰাকীৰ ঘৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গাঁও পঞ্চায়তৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত ৷ ইপিনে আইতাগৰাকীৰ ঘৰত শুবলৈ নাই এখন বিচনা, ঘৰৰ বেৰৰ ফাঁকেৰে সহজেই প্ৰৱেশ কৰিব পাৰে জীৱ-জন্তু ৷ জানিব পৰা মতে, 8 বছৰ আগতেই এক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যমুখত পৰিছিল আইতাগৰাকীৰ স্বামী ৷ একমাত্ৰ কন্যা সন্তানকো বিয়া দিয়াত অকলশৰে থাকিবলগীয়া হৈছে আইতাগৰাকী ৷