অসম

assam

ETV Bharat / state

তিনিচুকীয়াত দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

মঙলবাৰে নিশা গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গুটখা জাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকক চাৰি-পাঁচ জনীয়া দুৰ্বৃত্তৰ দল এটাই তিনিচুকীয়া বাইপাছত হাইজেক কৰি ট্ৰাকত থকা সামগ্ৰী সমূহ নমাই ট্ৰাকখন এৰি দিছিল ।

By

Published : Jul 4, 2019, 8:31 AM IST

হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

তিনিচুকীয়া , ০৪ জুলাই : বৃহস্পতিবাৰে কাহিলী পুৱা তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ ককৰাতলি গাঁৱৰ পল্লৱ ফুকন ওৰফে কচু নামৰ এজন লোকৰ বাসগৃহৰ পৰা ৩৪ বস্তা গুটখা উদ্ধাৰ কৰে । জানিব পৰা মতে, মঙলবাৰে নিশা গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গুটখা জাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকক চাৰি-পাঁচ জনীয়া দুৰ্বৃত্তৰ দলে তিনিচুকীয়া বাইপাছত হাইজেক কৰি ট্ৰাকত থকা সামগ্ৰী সমূহ নমাই ট্ৰাক খন এৰি দিছিল ।

তিনিচুকীয়াত দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

ইয়াৰ পাচতে ট্ৰাক চালকৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে । বুধবাৰে নিশা জুৰি তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় বৃহস্পতিবাৰে কাহিলী পুৱাতে পল্লৱ ফুকন নামৰ লোক জনৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে আৰক্ষীৰ অভিযানৰ বিষয়ে উমান পাই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত পল্লৱ ফুকন সহ আটাইকেইজন লোক পলাতক অৱস্থাত আছে ।

ABOUT THE AUTHOR

...view details