তিনিচুকীয়া,9 জানুৱাৰী:ন উদ্যমেৰে ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটা ৰাজনৈতিক দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ শনিবাৰে তৃতীয়টো দিন ৷ শুকুৰবাৰে অভিৱৰ্তনত অনুষ্ঠিত দ্বিতীয় দিনৰ প্ৰতিনিধি সভাত উপস্থিত থাকে দলটোৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী ৷ উক্ত প্ৰতিনিধি সভাৰ সিদ্ধান্তমৰ্মে দলটোৰ নতুন কমিটি গঠন কৰা হয় ৷ সেই অনুসৰি দলটোৰ মুখ্য উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ হীৰেণ গোঁহাইক ৷ সভাপতিৰ পদত ন্যস্ত কৰা হৈছে অখিল গগৈক ৷
ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ - vission document
ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ উদ্দেশ্যে জন্ম লাভ কৰিছিল ৰাইজৰ দলে ৷ দলটোৰ প্ৰথমখন ৰাজ্যিক অভিৱর্তন 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷
উল্লেখ্য যে, ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ উদ্দেশ্যে জন্ম লাভ কৰিছিল ৰাইজৰ দলে ৷ দলটোৰ প্ৰথমখন ৰাজ্যিক অভিৱর্তন 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷ ডিব্ৰুগড়ৰ মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই অভিৱৰ্তনত কৃষি কৰ্মক অধিক গুৰুত্ব প্ৰদানেৰে কৃষক-শ্ৰমিকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা কাম কৰি যাবলৈ ভিছন ডকুমেণ্ট পাঠ কৰা হয় ৷
লগতে চাওকঃবাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ