শদিয়া, 29 জুন :তিনিচুকীয়া (Tinsukia) জিলাৰ কাকপথাৰৰ টঙনা আৰক্ষী থানা (Police Station)ৰ অৰ্ন্তগত টঙনা চাহ বাগিছাৰ 18 নং লাইনত সোমবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰই নিজ গৃহতে দাৰে ঘপিয়াই হত্যা কৰে পিতৃক ৷ পাৰিবাৰিক বিবাদতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ টঙনা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ জগনাথ প্ৰজাক (20) ৷
জগনাথ প্ৰজাই (20) চাহপাতৰ গছত কলম দিয়া দাৰে ঘপিয়াই নিশংসভাৱে হত্যা কৰে পিতৃ জিতেন প্ৰজাক (45) ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই টঙনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জগনাথ প্ৰজাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে লগতে জিতেন প্ৰজাৰ মৃতদেহটো টঙনা আৰক্ষী থানালৈ লৈ আনে ৷