শদিয়া,21আগষ্টঃ শদিয়াত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লগতে শদিয়াৰ বিভিন্ন দল সংগঠন আৰু শদিয়া বাসী ৰাইজৰ সহযোগত ৰাজপথত বুধবাৰে এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ।
শদিয়াত হত্যকাৰীক ফাঁচীৰ দাবীত ৰাজপথত দল-সংগঠনৰ প্ৰতিবাদ
শদিয়াত মৰেল পুলিচৰ আক্ৰমণত নিহত হৈছিল নিৰীহ যুৱক দীপক বিশ্বকৰ্মা ৷ যুৱকজনৰ হত্যকাৰীৰ ফাঁচীৰ দাবীত বুধবাৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, যোৱা ১২ আগষ্টত শদিয়াত মৰেল পুলিচৰ নিৰ্মম ভাৱে আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল শদিয়াৰ ইছলামপুৰৰ নিৰীহ যুৱক দিপক বিশ্বকৰ্মাই । এই ঘটনাৰ লগত জড়িত চাৰিজন যুৱক ক্ৰমে বাদল চিৰিং, বিকাশ চিৰিং, ৰুবুল চিৰিং আৰু বিকিলা বুঢ়াগোহাঁইৰ ভিতৰত তিনিজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ যদিও এতিয়াও এজন পলাতক অৱস্থাত আছে । এনেদৰে নিৰীহক প্ৰহাৰ কৰি হত্যা কৰা কাৰ্যক গৰিহণা দি সংগঠনসমূহে শীঘ্ৰে ইয়াৰ ওপৰত চৰকাৰক বিহীত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷ লগতে সংগঠনসমূহে নিহত যুৱক দীপক বিশ্বকৰ্মাৰ পৰিয়ালক ক্ষতি পূৰণৰ দাবীত শদিয়াৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।