তিনিচুকীয়া, ৪ছেপ্তেম্বৰ:তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত বজালতলি প্ৰাথমিক বিদ্যালয়ত দেওবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সাংগঠনিক সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰগুৰি আঞ্চলিক সমিতি গঠন কৰা বুলি সদৰী কৰিছে ছাত্ৰ সংগঠনটোৱে(SMSS)।
উল্লেখ্য যে তিনিচুকীয়া জনতা মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আকৃষ্ট হৈ যোগদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত(Satra Mukti Sangram Samiti)। ছাত্ৰ সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সমৰজ্যোতি শইকীয়া আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পাপু দত্তৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ সৰ্বসন্মতি মৰ্মে উক্ত সমিতিখন গঠন কৰা হয় । এই সমিতিখনত সভাপতি হিচাপে ৰোহিত বৰগোঁহাই,কাৰ্যকৰী সভাপতি অনুপম গগৈ,সাধাৰণ সম্পাদক বিশ্বজিত দত্তক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে ।