জোনাই,৮ অক্টোবৰ :দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে । বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা ভাৰতৰ লগতে অসমতো নতুন নতুন আৱিষ্কাৰে মানুহৰ দৈনন্দিন জীৱন সলনি কৰিছে । কিন্তু এনে সময়তো এইখন অসমতে আজিও মধ্যযুগীয়া জীৱন যাপনেৰে দিন কটাইছে শ শ লোকে (Poor development in Sadiya)।
আমি ক'ব বিচাৰিছো তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত কেইটামান অঞ্চলৰ কথা । অঞ্চলটো আজিও উন্নয়নৰ পৰা বহু দূৰৈতে আছে । শিক্ষা, স্বাস্থ্য সকলো দিশতে পিছপৰা অঞ্চলটো । ৰোগীক আজিও মানুহে টনা গাড়ীৰে নিব লাগে হাস্পতাললৈ । বোকা-পানীৰে ভৰি থকা ৰাস্তাৰে যাব নোৱাৰে কোনো বাহন (Pathetic road condition in Sadiya)। শেহতীয়াকৈ এগৰাকী ৰোগীক হাস্পতাললৈ লৈ যোৱাৰ এক দৃশ্যই সকলোৰে দৃশ্য আকৰ্ষণ কৰিছে ।
অমৰপুৰ পঞ্চায়তৰ ১ নং নেপুং গাঁৱৰ কমলচন দলে নামৰ প্ৰায় ৬০ বছৰীয়া এগৰাকী ৰোগীক মানুহে টনা এখন গাড়ীৰে প্ৰথমে ঘৰৰ পৰা লৈ যোৱা হৈছে । দৃশ্যটোত দেখাৰ দৰে বোকা-পানীৰে ভৰা জৰাজীৰ্ণ বাটেৰে তিনিজন লোকে গাড়ীখন টানিছে, তিনিজনে পিছফালৰ পৰা ঠেলিছে । আকৌ এজনে গাড়ীত উঠি ৰোগীক ধৰিছে ।
জানিব পৰা মতে লোকজন হঠাৎ গুৰুতৰভাৱে অসুস্থ হোৱাত পৰিয়াল তথা আত্মীয়ই এনেদৰে চিকিৎসালয়লৈ বুলি লৈ গৈছে । অমৰপুৰ পঞ্চায়তত ৪০ খন বিচনাযুক্ত চিকিৎসালয় এখন আছে যদিও বহু বছৰৰ পৰা চিকিৎসালয়খনত কোনো চিকিৎসক, নাৰ্চ নথকাত এনেদৰে দুৰ্গম বাটেৰে ৰোগীক নিবলগীয়া হৈছে প্ৰায় ২৫-৩০ কিলোমিটাৰ নিলগত থকা শদিয়াৰ ছেপাখোৱা চিকিৎসালয়লৈ । কিন্তু এনে দুর্গম বাটেৰে কেইবা কিলোমিটাৰ টানি বা ভাৰ বান্ধি ৰোগীক লৈ যোৱাৰ পাছত নাৱেৰে নেপুং নদী পাৰ কৰিবলগীয়া হয় । তাৰ পাছত ৰোগীক পুনৰ অটো বা ভাৰ বান্ধি লৈ গৈ নাৱেৰে পুনৰ পাৰ কৰিব লাগে দিবাং নদী ।