শদিয়া,25 অক্টোবৰঃ চিকিৎসক ড° ৰামাদ্যা শৰ্মাৰ ভূল চিকিৎসাৰ বলি হৈ এগৰাকী ৭ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। মৃত্যু হোৱা কিশোৰী গৰাকী কাকপথাৰ ২ নং হাতীগড় গাঁৱৰ বিক্ৰম গোৱালাৰ কন্যা গায়ত্ৰী গোৱালা ৷
কিশোৰী গৰাকী বিগত ৫ দিনৰ পৰা জ্বৰত ভূগি আছিল ৷ প্ৰথম পৰ্যায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ৰামাদ্যা শৰ্মাই ৷ পুনৰ ৫ দিনৰ পাছত আজি জ্বৰ হোৱাত চিকিৎসক গৰাকীয়ে চিকিৎসা প্ৰদান কৰি বেজি দিয়াৰ কিছু সময়ৰ পাছতে কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷