ETV Bharat Assam

অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত গ্ৰামীণ শ্ৰমিক সন্থাৰ - লকডাউন

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন(MAHATMA GANDHI NATIONAL RURAL EMPLOYMENT GUARANTEE ACT)ৰ সংশোধন প্ৰত্যাহাৰৰ দাবীত সোমবাৰে গ্ৰামীণ শ্ৰমিক সংগঠনসমূহে দেশজুৰি প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰাপায়ণ কৰে । সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তিনিচুকীয়া(TINSUKIA) জিলা সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

Rural labour union protest at Tinsukia
তিনিচুকীয়াত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত গ্ৰামীণ শ্ৰমিক সন্থাৰ
author img

By

Published : Jul 27, 2021, 8:00 AM IST

তিনিচুকীয়া, ২৬ জুলাই: সোমবাৰে তিনিচুকীয়াৰ গ্ৰামাঞ্চলত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি । মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন(MAHATMA GANDHI NATIONAL RURAL EMPLOYMENT GUARANTEE ACT) সন্দৰ্ভত বিজেপি চৰকাৰে কৰিব বিচৰা সংশোধন প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে । সংস্থাটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধনে অভিযোগ উত্থাপন কৰা মতে, ২০০৫ চনৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ সুবিধাৰ পৰা গ্ৰামাঞ্চলৰ শ্ৰমিকক বঞ্চিত কৰিবলৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলক সংশোধনী তথা পৰামৰ্শাৱলী আগবঢ়াইছে ।

কিন্তু এই সংশোধনীৰ বিৰোধিতা কৰিছে শ্ৰমিক সংগঠনে । সোমবাৰে এই সংশোধন প্ৰত্যাহাৰৰ দাবীত বাওঁপন্থী কৃষি আৰু গ্ৰামীণ শ্ৰমিক সংগঠনসমূহৰ আহ্বানত দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰা হয় । তিনিচুকীয়া জিলাৰ পানীতোলা আৰু গুইজান খণ্ডৰ অধীনত লেংৰাই, ৰংচঙী, চাবুৱা-পোলোঙা, পানীতোলা পঞ্চায়তৰ বিভিন্ন গাঁৱত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে সংস্থাটোৰ সদস্যসকলে ।

প্ৰতিবাদকাৰীসকলে "এনৰেগা, ২০০৫ মূল আইন পুনৰুদ্ধাৰ কৰক", "এনৰেগাৰ সকলো সংশোধনী আৰু পৰামৰ্শ প্ৰত্যাহাৰ কৰক", "দীঘলীয়া লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা জবকাৰ্ড থকা শ্ৰমিক আৰু আন সকলো শ্ৰমিকক ৩ মাহৰ মজুৰি প্ৰদান কৰক" , "কাম বিচৰা সকলোকে ২০০ দিনৰ কাম দিয়ক", "জবকাৰ্ডৰ কামত ৬০০ টকাকৈ দৈনিক মজুৰি প্ৰদান কৰক" আদি শ্ল'গানেৰে গাঁৱকেইখনৰ পৰিৱেশ উত্তাল কৰি তোলে ।

সংস্থাটোৰ সভাপতিগৰাকীয়ে কয় যে, মহামাৰীৰ সময়ছোৱাত লক ডাউনৰ দীঘলীয়া পৰ্যায়ত শ্ৰমিকসকলে নিজ নিজ গৃহলৈ ঘূৰি অহাৰ ফলত কাম বিচৰা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে । লক ডাউনৰ সময়ছোৱাতে আৰম্ভ হোৱা অৰ্থনৈতিক সংকটে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, বিজুলীৰ ব্যয়, ৰন্ধন গেছৰ মূল্যৰ অভাৱনীয় বৃদ্ধিয়ে সকলো দুখীয়া, শ্ৰমজীৱী ৰাইজ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীক লাহে লাহে ভয়াৱহ পৰিস্থিতিৰ দিশলৈ ঠেলি দিছে । সেয়েহে তেওঁলোকৰ প্ৰতিনিধি হিচাপে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাসহ দেশৰ সকলো কৃষি আৰু গ্ৰামীণ শ্ৰমিক সংগঠনসমূহে উক্ত আইনক ধ্বংস কৰাৰ সলনি শক্তিশালী কৰিবলৈ ২০০ দিনৰ কাম আৰু ৬০০ টকাকৈ দৈনিক মজুৰি প্ৰদানৰ দাবী উত্থাপন কৰিছে ।

ইয়াৰ উপৰিও সংস্থাটোৱে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ আদায়ৰ দাবীত কৰা প্ৰতিবাদক প্ৰশাসনে লাঠি-গুলীৰে দমন কৰিব বিচৰা কাৰ্যক গণতান্ত্ৰিক আন্দোলনৰ বাবে এক অশনি সংকেত বুলি অভিহিত কৰিছে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই পুলিচ ৰাজৰ বিৰুদ্ধে সকলো সংগঠনে তীব্ৰ প্ৰতিবাদ কৰা প্ৰয়োজন বুলি উল্লেখ কৰে শ্ৰমিক সংস্থাই ।

লগতে পঢ়ক: তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে অমিত শ্বাহে

ABOUT THE AUTHOR

...view details