ডুমডুমা, 11 ফেব্ৰুৱাৰীঃ চামেলি মেমচাহাব শ্ৰষ্টা প্ৰখ্যাত কাহিনীকাৰ নিৰোদ চৌধুৰীক সশ্ৰদ্ধ সোঁৱৰণ ৷ ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ ভৱনত সোমবাৰে ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই স্মৃতিচাৰণ সভাখনৰ ৷ গীত-মাত, কবিতাৰে স্মৃতি সজীৱ কৰি তোলে গল্পকাৰগৰাকীৰ ৷ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত নিৰোদ চৌধুৰীৰ সান্নিধ্য, সাহিত্য আৰু জীৱনৰ বিভিন্ন দিশ সমূহৰ ওপৰত আলোকপাত কৰা হয় ৷
চামেলি মেমচাহাবৰ শ্ৰষ্টাক সশ্ৰদ্ধ সোঁৱৰণ - গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰী
ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই স্মৃতিচাৰণ সভাখনৰ ৷
চামেলি মেমচাহাবৰ শ্ৰষ্টাক সশ্ৰদ্ধ সোঁৱৰণ