অসম

assam

ETV Bharat / state

বিদ্যালয় প্ৰাদেশীকৰণ হ’ল: নহ’ল আন্তঃগাঠনিৰ উন্নয়ণ - সতী জয়মতী প্ৰাথমিক বিদ্যালয়

১৯৯৪ চনতে স্থাপন হোৱা তিনিচুকীয়াৰ সতী জয়মতী প্ৰাথমিক বিদ্যালয়খন জহি-খহি যোৱাৰ উপক্ৰমণ হৈছে ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে শিক্ষক সকলৰ লগতে তিনিচুকীয়াৰ সচেতন মহল ৷ এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগক উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে তিনিচুকীয়াৰ দল সংগঠন সমূহে ৷

বিদ্যালয় প্ৰাদেশীকৰণ হ’ল: নহ’ল আন্তঃগাঠনিৰ উন্নয়ণ
বিদ্যালয় প্ৰাদেশীকৰণ হ’ল: নহ’ল আন্তঃগাঠনিৰ উন্নয়ণ

By

Published : Jun 18, 2021, 10:02 PM IST

তিনিচুকীয়া,18 জুন: গৰুৰ গোহালিলৈ পৰিণত তিনিচুকীয়াৰ এখন প্ৰাথমিক বিদ্যালয় । ৬৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে মাত্ৰ দুজন শিক্ষক ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পাৱৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৯৯৪ চনতে স্থাপন হৈছিল সতী জয়মতী প্ৰাথমিক বিদ্যালয়খন ৷ ১৯৯৪ চনতে স্থাপন হোৱা এই বিদ্যালয়খন এতিয়া জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৷

উল্লেখ্য যে, বিগত ২০১৩ চনত প্ৰাদেশীকৰণ হৈছিল এই বিদ্যালয়খন । কিন্তু আজি পৰ্যন্ত বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়নৰ ব্যৱস্থা কৰা নহ'ল ।

এই বিদ্যালয়খন প্ৰায় ৭০০ ঘৰ লোকৰ বসতিপূৰ্ণ অঞ্চল ১ নং খাগৰিপথাৰত অৱস্থিত । বিদ্যালয়খনত পাঁচটা শ্ৰেণীত ৬৮ গৰাকী শিক্ষাৰ্থীক মাত্ৰ দুজন শিক্ষকে পাঠদান কৰি আহিছে । যাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ-ছাত্ৰ আৰু শিক্ষক সকলে ।

বিদ্যালয় প্ৰাদেশীকৰণ হ’ল: নহ’ল আন্তঃগাঠনিৰ উন্নয়ণ

শুক্ৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্ত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এটা সজাতি দলে বিদ্যালয়খন পৰিদৰ্শন কৰে ৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে অতি শীঘ্ৰেই এই বিদ্যালয়খনত শ্ৰেণীৰ অনুপাতে শিক্ষকৰ নিযুক্তি লগতে বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়ন কৰিবলৈ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যিক শিক্ষামন্ত্ৰী ডাঃ ৰনুজ পেগুলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই কয় যে, ‘কংগ্ৰেছেই হওক বা বিজেপিৰ কোনো এখন চৰকাৰেই এই বিদ্যালয়খনৰ লগতে জৰাজীৰ্ণ অৱস্থাত পৰি ৰোৱা আন বিদ্যালয়সমূহৰ প্ৰতিও দায়বদ্ধ নহয় । এই বিদ্যালয়খন প্ৰাদেশীকৰণ হোৱা সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী হ'লগৈ ৷ কিন্তু আজিকোপতি এই বিদ্যালয়খনৰ শিক্ষাৰ্থী অনুপাতে শিক্ষক নিযুক্তি আৰু আন্তঃগাঁঠনি উন্নয়ন নহ'ল’ ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক কটু সমালোচনা ৰাণা গোস্বামীৰ

ABOUT THE AUTHOR

...view details