তিনিচুকীয়া, ৬ এপ্ৰিল:অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা জনগোষ্ঠীটোৰ এক পুৰণি দাবী ৷ মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভা, ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা, মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰো দাবী উত্থাপন কৰিছে সংগঠনকেইটাই (Protest in Tinsukia for demanding for tribal status) ৷
শুকুৰবাৰে অসম মৰাণ সভাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সহযোগত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰে (Protest in Tinsukia) ৷ প্ৰতিবাদী সমদলটোৱে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ হৈ বৰগুৰিস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে ৷ প্ৰতিবাদকাৰীসকলে আমাক জনজাতিকৰণ লাগিবই, আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Tribal status of Moran community) ৷
পৰৱৰ্তী সময়ত প্ৰতিবাদী সমদলটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি এক প্ৰতিবাদী সভাও সম্বোধন কৰে ৷ লগতে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷