অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ভিন্ন দাবীৰে আশা কৰ্মীৰ প্ৰতিবাদ - তিনিচুকীয়া

তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা আশা কৰ্মী সংস্থাই ভিন্ন দাবী উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল'লে সমাগত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ৷

আশা কৰ্মীৰ প্ৰতিবাদ
আশা কৰ্মীৰ প্ৰতিবাদ

By

Published : Dec 18, 2020, 3:40 PM IST

তিনিচুকীয়া, 18 ডিচেম্বৰ: শুকুৰবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিচুকীয়া জিলা আশা কৰ্মী সংস্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰায় তিনি শতাধিক আশা কৰ্মীয়ে যোগদান কৰা এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে ভিন্ন দাবী উত্থাপন কৰে ৷

তিনিচুকীয়াত ভিন্ন দাবীৰে আশা কৰ্মীৰ প্ৰতিবাদ

NHM ৰ অন্য কৰ্মচাৰীৰ দৰে আশা কৰ্মী সকলকো নিযুক্তি পত্ৰ প্ৰদান কৰা, আশা কৰ্মী সকলকো সম-মজুৰি আৰু সম-মৰ্যাদা প্ৰদান, চৰকাৰে ঘোষণা কৰা অনুসৰি সময়মতে আশা কৰ্মী সকলক মাননী প্ৰদান আৰু আশা কৰ্মী সকলক অধিক কামৰ পৰা মুক্ত কৰা আদি ভিন্ন দাবী উত্থাপনেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল'লে সমাগত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক:দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ দাৱনদিয়াত

ABOUT THE AUTHOR

...view details