অসম

assam

By

Published : Nov 8, 2019, 5:22 PM IST

ETV Bharat / state

কাকপথাৰত জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ চুতীয়া জনগোষ্ঠীৰ

শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাৰ পৰা চুতীয়া জনগোষ্ঠীৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সদস্যসকলে থানা চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতিকৰণ মন্ত্ৰী অৰ্জুন মুন্দা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

চুতীয়া জনজাতিকৰণৰ দাবীত উত্তাল কাকপথাৰ

তিনিচুকীয়া, 8 অক্টোবৰঃ চুতীয়া সকলক জনজাতিকৰণৰ লগতে শদিয়াত থকা চুতীয়া জনগোষ্ঠীৰ কৃতি চিহ্ন সমূহৰ সংৰক্ষণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাৰ পৰা চুতীয়া জনগোষ্ঠীৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সদস্যসকলে থানা চাৰিআলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতিকৰণ মন্ত্ৰী অৰ্জুন মুন্দা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদত ' কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ ' ' বিজেপি চৰকাৰ গ'বেক ' চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰোপৰি 7 নৱেম্বৰত মহানগৰীৰ দীঘলিপুখুৰীৰ পাৰত চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে জনজাতিকৰণৰ দাবীত কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে কৰা অত্যাচাৰকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰী সকলে ৷

চুতীয়া জনজাতিকৰণৰ দাবীত উত্তাল কাকপথাৰ

ABOUT THE AUTHOR

...view details