অসম

assam

ETV Bharat / state

অমৃত কালত দলং এখন বিচাৰি ৰাইজে কৰিবলগীয়া হৈছে প্ৰতিবাদ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

মাৰ্ঘেৰিটাত এখন দলঙৰ দাবীৰে শতাধিক ৰাইজ একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ দলং এখন নথকাৰ বাবে এটা বৃহৎ অঞ্চলৰ লোকে যমৰ যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে ৷

Satra Mukti Sangram Samiti
দলং নিৰ্মাণৰ দাবীৰে মাৰ্ঘেৰিটাত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:16 PM IST

দলং নিৰ্মাণৰ দাবীৰে মাৰ্ঘেৰিটাত প্ৰতিবাদ

তিনিচুকীয়া, ২৩ নৱেম্বৰ : বিজেপি নেতৃত্বাধীন চৰকাৰে উন্নয়নৰ জয়ঢোল বজাই থকাৰ সময়তো এটা পথ অথবা এখন দলঙৰ বাবে বহু অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে ৷ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাতো এখন দলঙৰ দাবীৰে বৃহস্পতিবাৰে শতাধিক ৰাইজ একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

লিডুৰ কাম্বাগাঁও সংযোগী টিৰাপ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা, টিৰাপ-জাগুন আঞ্চলিক সমিতি আৰু সহস্ৰাধিক গাঁওবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দলং এখন নথকাৰ বাবে এটা বৃহৎ অঞ্চলৰ লোকে জমৰ যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে দাবী কৰা দলংখন নথকাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকল নাৱেৰে পাৰ হ’বলগীয়া হয় আৰু বাকী ৰাইজে বৰডুমচা হৈ নামচিক গেটেৰে তথা বিকল্প পথেৰে জাগুনলৈ যাবলগীয়া হয় ৷ ফলত ১.৯ কিলোমিটাৰৰ বিপৰীতে তেওঁলোকে প্ৰায় ৪৩ কিলোমিটাৰ অতিক্ৰম কৰি হাৰাশাস্তিৰ সম্মুখীন হ’বলগীয়া হয় ।

ইয়াৰোপৰি উল্লেখিত স্থানত এখন কাঠৰ দলং আছে যদিও বছৰটোৰ ছয়মাহ মানৰ বাবেহে অঞ্চলবাসীয়ে ব্যৱহাৰ কৰিব পাৰে ৷ কিয়নো প্ৰতিবাৰেই বাৰিষাৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়ে আৰু পুনৰ খৰালিত নিৰ্মাণ কৰিবলগীয়া হয় ৷ ফলস্বৰূপে বাৰিষা কালত অঞ্চলবাসীয়ে নাৱেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় ।

বৃহস্পতিবাৰে গাঁওবাসী ক্ষুব্ধ হৈ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে । প্ৰতিবাদকাৰীসকলে হাতেহাতে প্লে’-কাৰ্ড লৈ বিভিন্ন চৰকাৰবিৰোধী মন্তব্যৰে আকাশ-বতাহ কঁপাই তুলি উত্তৰ মাৰ্ঘেৰিটা ৰংমঞ্চৰ পৰা সমদল উলিয়াই মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :ঔৰংগজেৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ পাৰ্থক্য বিচাৰি হায়ৰাণ ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details