বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক - অসমৰ যুৱক
পৰিয়ালৰ লোকে ৰাকেশৰ বন্ধু সকলক লগত যোগাযোগ কৰাত পোহৰলৈ আহে ন ন তথ্য ৷ ৰাকেশৰ বন্ধুবৰ্গই দিয়া তথ্য অনুসৰি কৰ্মস্থলীতে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰাকেশৰ ৷
বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক
তিতাবৰ,1 জুলাইঃপেটৰ ভাত মুঠি আৰু বিধৱা মাতৃক পোহ পালন দিয়াৰ বাবে বাংগালোৰত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল তিতাবৰ মহকুমাৰ বেকাজান চেৰেলি মিচিং গাঁৱৰ ৰাকেশ পলং। চলিত বৰ্ষৰ 9/6/19 তাৰিখৰ পৰা ঘৰৰ পৰিয়ালৰ লগত হঠাতে যোগাযোগ বিছিন্ন হৈ পৰিছিল ৰাকেশৰ ৷ উপায় বিহীন হৈ পৰিয়ালৰ লোকে বৰহোলা আৰক্ষী চকীৰ কাষ চাপে। বৰহোলা থানাত ৰাকেশৰ মাতৃয়ে পুত্ৰ সন্ধানহীন হৈ থকাৰ এজাহাৰ দাখিল কৰে কিন্তু আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাাই ৰাকেশৰ ৷