মাৰ্ঘেৰিটা, 12 জুলাই : যোৱা নিশা অৰুণাচল প্ৰদেশত অসম ৰাইফলচৰ লগত হোৱা সংঘৰ্ষত ছয়জনকৈ NSCN-IM গোটৰ সদস্য থিতাতে নিহত হোৱাৰ পাচত দেওবাৰে সংবাদমেল আয়োজন কৰে ৬ নং অসম ৰাইফলচে ৷ এই সংবাদমেলত অসম ৰাইফলচৰ গোটটোৱে যোৱা নিশা সংঘৰ্ষৰ কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰাৰ লগতে জব্দ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ পদৰ্শন কৰে ৷
অৰুণাচল প্ৰদেশৰ খুনচাত ৬ নং অসম ৰাইফলচৰ সংবাদমেল
উগ্ৰপন্থী সংগঠন সমূহে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰকাশ কৰে অসম ৰাইফলচৰ বিষয়াই ৷
অৰুণাচল প্ৰদেশৰ খুনচাত ৬ নং অসম ৰাইফলচৰ সংবাদমেল
সংবাদমেলখনত উগ্ৰপন্থী সংগঠন সমূহৰ কূটাঘাতমূলক কাৰ্যক বাধা দিবৰ বাবে সকলো সময়তে প্ৰস্তুত থকাৰ কথা সদৰী কৰাৰ লগতে অৰুণাচলত NSCN- IM গোটে যুদ্ধবিৰতি উলংঘন কৰিলে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে অসম ৰাইফলচৰ সূত্ৰই ৷
লগতে পঢ়কঃকৃষক নেতাৰ মুক্তিৰ দাবীত ঐক্য সেনাৰ উদ্যোগত শিৱসাগৰত মানৱ শৃংখল