শদিয়া, 13 আগষ্টঃ বৃহস্পতিবাৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৷
কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰা, খিলঞ্জীয়া অসমীয়া সকলৰ অস্বিত্ব ৰক্ষা কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, প্ৰতিখন সদনতে কলিতাৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, উন্নয়ন পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠীৰ লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, প্ৰতিখন জিলাতে ভগদত্ত ভৱন নিৰ্মাণ কৰাকে ধৰি 12টা দাবী সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি সংবাদমেলত অৱগত কৰে সংগঠনটোৱে ৷ লগতে অহা ১৫আগষ্টত কলিতা জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰে বিশেষ কোনো দাবী পূৰণ নকৰিলে আগষ্ট মাহৰ শেষৰ পৰা সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷