তিনিচুকীয়া, 19 নৱেম্বৰ : তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে হিযুগুৰিস্থিত জিলা সমিতিৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে । উক্ত সভাত জিলা সমিতিৰ সভাপতি বাবু শইকীয়া আৰু সম্পাদক ধুনু গগৈকে আদি কৰি কেইবাজনো বিষয়ববীয়াৰ উপস্থিত থাকে । কাৰ্যনিৰ্বাহক সভাত পৰিষদে 10 টা গুৰুত্বপূৰ্ণ দাবীক লৈ ২ নৱেম্বৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে । এই কাৰ্যসূচী তিনিচুকীয়া জিলাৰ অন্তৰ্গত সকলো আঞ্চলিকসমূহত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা সভাপতি বাবু শইকীয়া আৰু সম্পাদক ধুনু গগৈয়ে। বৈঠকৰ পাছতেই এখন সংবাদমেল আয়োজন কৰি দাবীসমূহ সদৰি কৰে জিলা সভাপতি বাবু শইকীয়াই ৷
২ নৱেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে
বৈঠকৰ পাছতেই এখন সংবাদমেল আয়োজন কৰি দাবীসমূহ সদৰি কৰে জিলা সভাপতি বাবু শইকীয়াই ৷
২ নৱেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা তিনিচুকীয়া জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে