অসম

assam

ETV Bharat / state

Press Meet of CPIML : পাম অইলৰ খেতি আৰু শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এমএল)ৰ সংবাদমেল - পাম অইলৰ খেতি

তিনিচুকীয়াত সংবাদমেল সম্বোধন চিপিআই (এমএল) দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসৰ ৷ পাম অইলৰ খেতি আৰু শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে সংবাদমেলত চৰকাৰক কঠোৰ সমালোচনা কৰে নেতাজনে ৷

Press Conference of CPIML Leader Bibek Das
চৰকাৰক কঠোৰ সমালোচনা

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:35 PM IST

তিনিচুকীয়াত চিপিআই (এমএল)ৰ সংবাদমেল

তিনিচুকীয়া, 4 ছেপ্টেম্বৰ : সোমবাৰে চিপিআই (এমএল) দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে তিনিচুকীয়াত এক সংবাদমেল সম্বোধন কৰে ৷ দলে তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতি সম্বন্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ দাসৰ নেতৃত্বত কৃষক মহাসভা, অসমৰ আহবায়ক বলিন্দ্ৰ শইকীয়া, দলৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য পূৰ্ণ কাকতি আৰু সুভাষ সিঙক লৈ গঠিত এটি দলে ধলা অঞ্চলত চৰজমিন তদন্ত কৰে ৷

তদন্ত কৰি সংবাদমেলত তেওঁ কয় যে, অঞ্চলৰ ৰাইজে এই খেতি সম্পৰ্কে একোৱেই নাজানে, আনকি যি অঞ্চলত পাম গছৰ পুলি নমুনা হিচাপে ৰোপণ কৰিছে সেই পঞ্চায়তৰ (হাঁহখাটি পঞ্চায়ত) সভানেত্ৰী গৰাকীয়ে জনোৱা মতে বিষয়টো সম্পৰ্কে জ্ঞাত নহয় ৷ আনটো হ'ল যি দুবিঘা মাটিত পাম গছৰ পুলি লগাইছে সেই পুলি ইতিমধ্যে গৰুৱে খাই তহিলং কৰিছে ৷ স্থানীয় ৰাজহ চক্ৰ বিষয়া আৰু জিলা কৃষি বিষয়াই জনোৱা মতে খেতিয়কসকলে নিজৰ মাটিতহে পাম গছ লগাব আৰু এই খেতি ডুমডুমা ৰাজহ চক্ৰৰ 850 বিঘাতকৈ অধিক মাটিত কৰা হ'ব ৷ ইয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে 133 জন খেতিয়কক চিনাক্ত কৰা হৈছে ৷

দাসে কয় যে, দুবিঘা মাটিত গছ পুলি লগাবলৈ কেইবাহাজাৰ মানুহৰ সমাগম, মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ যাত্ৰা, ৰামদেৱৰ খৰচ এনেদৰে ৰাইজৰ ধনৰ শৰাধ কৰাৰ যুক্তি কি ? আনটো হ'ল 850 বিঘা মাটিত এটা বিতৰ্কিত পৰিৱেশ বিৰোধী খেতি কৰাৰ আগেয়ে পৰিৱেশত পৰিব পৰা প্ৰভাৱ অধ্যয়ন কৰি চৰকাৰে Environment Clearance লোৱা নাই ৷ তথ্যমতে এজোপা পাম গছে প্ৰতিদিনে 300 লিটাৰ পানী ভূগর্ভৰ পৰা শুহি লয় ৷ তেনে অৱস্থাত জিলাখন মৰুভূমি হ'বগৈ ৷ দলে এই সৰ্বনাশী খেতিৰ পৰিকল্পনা বন্ধ কৰিবলৈ দাবী জনাইছো বুলি কয় তেওঁ৷

লগতে চিপিআই(এমএল) দলে শিলসাঁকোৰ খিলঞ্জীয়া লোকসকলক যি নিষ্ঠুৰ আচৰণ কৰিছে তাক গৰিহণা দিয়ে ৷ উচ্ছেদিত মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰাৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ পিছতো চৰকাৰখনে যি ব্যৱহাৰ কৰিছে তাৰ পৰা এই কথা স্পষ্ট যে চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদক সহ্য নকৰে আৰু এক অৰাজক অগণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলি মুষ্টিমেয় কেইজনমান মন্ত্ৰী আৰু ব্যৱসায়ীৰ অবাধ, অবৈধ আৰু অসাধু চক্ৰৰ ৰাজ স্থাপন কৰিব বিচাৰিছে বুলি কয় নেতাজনে৷

বিবেক দাসে কয় যে চিপিআই (এমএল) দলে ৰাজ্যখনত “সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইণ্ডিয়া” শীর্ষক এক অভিযান চলাইছে আৰু তাৰ অংশ হিচাবে অক্টোবৰ আৰু নবেম্বৰ মাহত চাবুৱা সমষ্টি, ডুমডুমা সমষ্টি, তিনিচুকীয়া সমষ্টিত একোখন সমাৱেশ অনুষ্ঠিত কৰিব ৷ দলটোৱে কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দক্ষ শাসনৰ ফোপোলা স্বৰূপ চাহ বাগিচা অঞ্চলত দেখা পোৱা যায়, কিয়নো আগৰ পৰা চাহ বাগিচাত থকা কেইবাখনো গ্ৰুপ চিকিৎসালয় বন্ধ হৈ পৰিছে আৰু প্ৰভিডেন্ট ফাণ্ড, গ্ৰেচুইটি টকাৰ বাবে শ্ৰমিক সকলে হাহাকাৰ কৰিব লগা হৈছে ৷ দাসে কয় যে, বিজেপিৰ সপোনৰ হিন্দু ৰাষ্ট্ৰত চাহ শ্ৰমিক সকল 232 টকা মজুৰীৰে উন্নত চিকিৎসাবিহীন নাগৰিকলৈ পৰিণত হৈছে আৰু ৰাইজে মাটি-ভেটি-ঘৰ হেৰুৱাই উলংগ হ'ব লগা হৈছে ৷ বিজেপিৰ এই অভিযানৰ বিৰুদ্ধে চিপিআই(এম এল) দলে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইণ্ডিয়া অভিযান হাতত লৈছে ৷ আজিৰ সংবাদ মেলত দলৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সুভাষ সেন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়াও উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details