অসম

assam

ETV Bharat / state

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু

তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল ৷ তেওঁক সংকটজনক অৱস্থাতে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে প্ৰসূতি গৰাকীৰ নৱজাতকটিৰ মৃত্যু হয় ৷

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী প্ৰসূতিৰ মৃত্যু
লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু

By

Published : Jan 7, 2021, 12:48 PM IST

Updated : Jan 7, 2021, 4:07 PM IST

তিনিচুকীয়া, 7 জানুৱাৰী:মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা ৷ কুস্মিতা মৰাং (28) নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা হেতুকে তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তিনিচুকীয়াত চিকিৎসা কৰিব নোৱাৰাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে ৷

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু

কিন্তু বৃহস্পতিবাৰে পুৱাই আহে এক দুঃখবৰ ৷ সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে প্ৰসূতি গৰাকীৰ সন্তানটিৰ মৃত্যু হয় ৷

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু

লগতে পঢ়ক:বৰাকত 21 ৰ মন্ত্ৰণা বিলালে বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী অজয় জামৱালে

Last Updated : Jan 7, 2021, 4:07 PM IST

ABOUT THE AUTHOR

...view details