অসম

assam

ETV Bharat / state

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা: অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ ফিল'বাৰীত বাটপথৰ দুৰৱস্থা, অথলে গৈছে ৰাইজৰ আবেদন নিবেদন। নিৰ্বিকাৰ জনপ্ৰতিনিধি ।

By

Published : May 8, 2019, 4:25 PM IST

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা : অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

তিনিচুকীয়া, 8 মে': তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাটপথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক। সমষ্টিটোৰ গাভৰুভেটী গাওঁ পঞ্চায়তৰ ৩নম্বৰ ৱাৰ্ডৰ পুণ্যজান গাঁৱৰ ভগ্ন প্ৰায় পথটোৰ বাবে দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে গাওঁবাসী ৷ স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পাছতো বহিঃ বিশ্বৰ সৈতে সংযোগৰ একমাত্ৰ ভৰসা গাঁওখনৰ বাট-পথত নপৰিল এটাও শিল। বাৰিষাটো বাদেই খৰালি কালতো বোকা গচকি অহা যোৱা কৰিব লাগে অঞ্চলটোৰ জনসাধাৰণে।

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা : অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

কংগ্ৰেছ চৰকাৰৰ দিনৰপৰাই এই পথচোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু আজিকোপতি পথছোৱাৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ ৰাইজৰ অভিযোগ কেৱল নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে ৰাজনৈতিক নেতা পালিনেতাই ৷ বাট-পথৰ দুৰৱস্থাৰ বাবেই বাৰিষা বোকা গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়াত পৰে ছাত্ৰ-ছাত্ৰী ৷ ৰোগীক চিকিৎসালয়লৈ নিবলৈও যমৰ যাতনা ভোগ কৰিবলগীয়াত পৰে স্থানীয় ৰাইজে ৷ ইয়াৰ পিছতো কিন্তু চকু মুদা কুলিৰ ভাৱত পঞ্চায়ত প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ। অঞ্চলটোৰ বাট-পথ শীঘ্ৰেই মেৰামতি নকৰিলে আগন্তুক সময়ত প্ৰতিবাদৰ হুমকি প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷

ABOUT THE AUTHOR

...view details