ডুমডুমা,21মেঃ ডুমডুমাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ । উক্ত ঘটনাৰ বিৰুদ্ধে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন স্থানীয় ৰাইজৰ ।
লক ডাউনৰ মাজতেই তিনিচুকীয়াৰ ডুমডুমাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, কাকজান গাওঁ পঞ্চায়তৰ চুকৰেটিং-শীতলপাটী গাঁৱৰ বাবে অনুমোদন হোৱা পথ বৰডুবি গাওঁ পঞ্চায়তত নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩,৪৯,৫৫,৪৭১ টকা ব্যয় সাপেক্ষে চুকৰেটিং-শীতলপাটী গাঁৱত নিৰ্মাণ হ'বলগীয়া পথটোৰ প্ৰথমে জোখ-মাপ কৰিছিল যদিও পৰৱৰ্তী সময়ত আচৰ্যজনকভাৱে বৰডুবি গাওঁ পঞ্চায়তৰ বাদলাভেটা চাহ বাগিছাত পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ।