অসম

assam

ETV Bharat / state

Poor condition of girls hostel: ডিগবৈৰ বৰবিলস্থিত ছাত্ৰী নিবাস ভূতবাংলালৈ পৰিণত - চাহ জনগোষ্ঠী আৰু জনগোষ্ঠী কল্যাণ বিভাগ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ বৰবিলত এটা ছাত্ৰী নিবাস ২০১১-১২ বৰ্ষত চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছিল ৷ এতিয়া সেই ছাত্ৰী নিবাসটো এটা ভূত বাংলালৈ পৰিণত হৈছে ৷ তদুপৰি ছাত্ৰী আবাস নিৰ্মাণ কৰা ভূমিখিনি বন বিভাগৰ সৈতে লাগি থকাত সৃষ্টি হৈছে বেমেজালিৰ(Poor condition of girls hostel at Digboi) ৷

Poor condition of girls hostel at Digboi
ডিগবৈৰ বৰবিলস্থিত ছাত্ৰী নিবাসটো ভূতবাংলালৈ পৰিণত

By

Published : Dec 10, 2022, 10:13 PM IST

ডিগবৈৰ বৰবিলস্থিত ছাত্ৰী নিবাসটো ভূতবাংলালৈ পৰিণত

তিনিচুকীয়া, ১০ ডিচেম্বৰ:তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈৰ ৩নং বৰবিলত কংগ্ৰেছ চৰকাৰৰ দিনতেই চাহ জনগোষ্ঠী আৰু জনগোষ্ঠী কল্যাণ বিভাগৰ তৰফৰ পৰা ২০১১-১২ বৰ্ষত স্থানীয় চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা ছাত্ৰী আবাস । দুৰ্ভাগ্যবশতঃ এতিয়া ভূত বাংলাত পৰিণত হৈছে ছাত্ৰী আবাসটো । ২০ লাখকৈ বিভাগীয় ধন ব্যয় কৰি ছাত্ৰী আবাসটো নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু এতিয়া ছাত্ৰী আবাস গৃহটোলৈ যাবলৈ কোনো বাট পথ নাই, চাৰিওফালে বৃহৎ বৃহৎ পুখুৰী আৰু হাবি জংঘলেৰে ভৰি পৰিছে ।

আবাস গৃহটোৰ ভিতৰতো নাই কোনো সা-সামগ্ৰী অথবা আচবাব । ছাত্ৰী আবাসটো মাথোঁ নিৰ্মাণ কৰিয়ে পূৰ্বৰ চৰকাৰখনে দায়িত্ব সামৰিলে আৰু এতিয়াৰ বিজেপি চৰকাৰখনেও কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই । এতিয়া চৰকাৰখনৰ চাহ জনজাতি কল্যাণ বিভাগে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ বাবে বিভিন্ন ঠাইত ৯ টাকৈ ছাত্ৰাবাস নিৰ্মাণৰ বাবে অনুমোদন জনাইছে যদিও ডিগবৈত এটাও ছাত্ৰাবাস প্ৰদান নকৰিলে ।

শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ(Tea Tribes and Labour Welfare minister) তিনিচুকীয়া জিলাৰে হোৱাৰ পাচতো গৃহ জিলাৰ ভিতৰুৱা গাঁৱৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক লৈ চৰকাৰে কৰা বঞ্চনাক ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় চাহ জনজাতি ছাত্ৰ সন্থাই । ইফালে, ছাত্ৰী আবাস নিৰ্মাণ কৰা ভূমিখিনি বনবিভাগৰ সৈতে লাগি থকা কিছু বেমেজালিৰ সৃষ্টি হোৱাৰ কাৰণেই বৰ্তমান যিকোনো চৰকাৰী আঁচনি লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলি অৱগত কৰিছে ডিগবৈৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতৃত্বই ৷

এইক্ষেত্ৰত এসময়ত চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ দায়িত্ব পালন কৰি আজি শ্ৰম বিভাগৰ মন্ত্ৰী লাভ কৰাৰ পাছটো মন্ত্ৰী সঞ্জয় কিষাণে নিজ জনগোষ্ঠীটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ কাৰণে কৰিব লগা সুবিধাসমূহৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাটো আশ্চৰ্যজনক বুলি মন্তব্য কৰিছে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ৷

এইক্ষেত্ৰত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক(Minister Sanjoy Kishan) বনবিভাগৰ সৈতে আলোচনা কৰি সমস্যাসমূহ সমাধান কৰাৰ বাবে আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে ৷ তেওঁলোকে লগতে এই স্থানতেই আৰু এটা ছাত্ৰাবাস প্ৰদান কৰি ভিতৰুৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত সুবিধা কৰি দিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক :AASU team visited school: লংকাৰ বিতৰ্কিত বিদ্যালয়ত আছুৰ সঁজাতি দল

ABOUT THE AUTHOR

...view details