শদিয়া,2মে': শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কাকপথাৰ কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলনীয়ে বাতিল কৰিলে বিহুৰ কাৰ্যসূচী ৷ ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাক সন্মান জনাই কাকপথাৰ কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ সমিতিয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰি সমিতিৰ সদস্যসকলে সংগৃহীত ধনেৰে চিকিৎসালয়লৈ আগবঢ়ালে অক্সিজেন চিলিণ্ডাৰ ৷
উল্লেখ্য যে, ক'ভিড ১৯ য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাক সন্মান জনাই কাকপথাৰ কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলন ২০২১ ৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পৰম্পৰা অনুসৰি শনিবাৰে পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰাৰ পিছতেই সংগ্ৰহীত টকাৰে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৪ টাকৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰা হয় ৷ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুখ্য বিষয়া জ্যোতিময় শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই অক্সিজেন চিলিণ্ডাৰসমূহ ৷