অসম

assam

By

Published : Jun 2, 2021, 9:32 PM IST

ETV Bharat / state

তিনিচুকীয়াৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত মৃতদেহ উদ্ধাৰ

বৰডুমচাত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ । সমগ্ৰ অঞ্চলতজুৰী তীব্ৰ চাঞ্চল্য ৷ বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহৰ পৰিচয় ৷

One unidentified Deadbody recovered from Dwarmara reserve forest of Bordumsa
তিনিচুকীয়াৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত মৃতদেহ উদ্ধাৰ

ডিগবৈ, 2 জুন : তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । অৰ্ধ গলিত অৱস্থাত বৰডুমচা আৰক্ষীয়ে উদ্ধাৰ কৰা অচিনাক্ত পুৰুষজনৰ মৃতদেহটো এতিয়ালৈকে আৰক্ষী আৰু ৰাইজে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ।

মৃত ব্যক্তিজনৰ ক’ত ঘৰ, লকডাউনৰ সময়চোৱাত কি পৰিস্থিতিত দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত আহিল নে আন কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে সেয়া এক গভীৰ ৰহস্যৰ অৱৰ্তত সোমাই পৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

বৰ্তমান মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ৭২ ঘন্টাৰ বাবে ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :হোজাইত চিকিৎসকক প্ৰহাৰ কৰা কাৰ্যত আমচাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details