অসম

assam

ETV Bharat / state

ভাস্কৰ্য শিল্পত ব্ৰতী সত্তৰোৰ্ধৰ বৃদ্ধৰ কাহিনী - কাকপথাৰৰ ডিৰাক পাৱৈগাঁও

বয়সে হাৰ মনাব নোৱাৰা এগৰাকী বৃদ্ধৰ কাহিনী ৷ কাকপথাৰৰ ডিৰাক পাৱৈগাঁৱৰ নিবাসী জোনাবৰ বৰুৱা নামৰ বৃদ্ধগৰাকীয়ে জীৱনৰ ভাটিবয়সত একাণপতীয়াকৈ ব্ৰতী হৈ ৰৈছে শিল্পকৰ্মত ৷ ১৯৮০ চনৰ পৰাই ব্যক্তিজন জড়িত হৈ আছে শিল্পকৰ্মত । জীৱনৰ 75 টা বছৰ পাৰ কৰা জোনাবৰ বৰুৱাৰ আশা চৰকাৰে শিল্পকৰ্মৰ বাবে কিছু সুবিধা প্ৰদান কৰিব ৷

Old Man story kakopather Tinsukia Assam etv bharat news
ভাস্কৰ্য শিল্প

By

Published : Mar 3, 2020, 6:45 PM IST

শদিয়া,3 মাৰ্চঃ বয়সক আওকাণ কৰি শিল্প কৰ্মক জীৱিকাৰ পথ হিচাপে বাছি লৈছে কাকপথাৰৰ এজন বৃদ্ধয়ে ৷ শিল্প সাধনাত একাণপতীয়াকৈ ব্ৰতী হৈ জীৱন সংগ্ৰাম চলাই নিয়া বৃদ্ধজন হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক পাৱৈগাঁও জোনাবৰ বৰুৱা । ১৯৮০ চনৰ পৰাই ব্যক্তিজন জড়িত হৈ আছে শিল্পকৰ্মত । বয়সে হাৰ মনাব নোৱাৰা সত্তৰোৰ্ধৰ ব্যক্তিজনে কাঠেৰে কাছ, হৰিণ, শহা, চৰাই, শৰাইৰ লগতে ভগৱানৰ বিভিন্ন ৰূপক আকাৰ দিয়াত অহৰ্নিশে ব্যস্ত হৈ থাকে ৷

জোনাবৰ বৰুৱাৰ শিল্প কৰ্ম

উল্লেখ্য যে, সুদীৰ্ঘ বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰত শিল্পী গৰাকীয়ে গা ধুবলৈ গৈ ভগৱান শিৱৰ আকৃতিৰ দৰে এটা কাঠৰ সামগ্ৰী লাভ কৰিছিল ৷ তেতিয়াৰ পৰা ব্যক্তিজন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই শিল্পৰ লগত ৷ প্ৰায় 40 বছৰে এনেদৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি পৰিয়াল পোহপাল দি আছে বৃদ্ধ শিল্পীগৰাকীয়ে ৷ জীৱনৰ 75 টা বছৰ পাৰ কৰা জোনাবৰ বৰুৱাৰ আশা চৰকাৰে শিল্পকৰ্মৰ বাবে কিছু সুবিধা প্ৰদান কৰিব ৷ সেই সুবিধা লাভৰ আশাৰে সম্প্ৰতি বাট চাই ৰৈছে বৃদ্ধ শিল্পীগৰাকীয়ে ৷

লগতে চাওকঃনেমকেয়াৰত জুবিনৰ বাবে কি লিখিলে শ্বিলঙৰ অনুৰাগীয়ে !

ABOUT THE AUTHOR

...view details