অসম

assam

ETV Bharat / state

তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ - টেংকাৰ

মঙলবাৰে নিশা তিনিচুকীয়াৰ ইটাখুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপত চুৰি কৰি থকা অৱস্থাতে NL-01-AA-2348 নম্বৰৰ এখন টেংকাৰৰ লগতে চুৰিৰ সৈতে জড়িত সামগ্ৰী জব্দ আৰক্ষীৰ ৷ অৱশ্যে বৰ্তমানো আটক কৰিব পৰা নাই চোৰাং ব্যৱসায়ী কেইজনক ৷

Oil stealing from Tanker tinsukia
তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

By

Published : Dec 9, 2020, 1:51 PM IST

তিনিচুকীয়া,9 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ইটাখুলিত মঙলবাৰে নিশা পুনৰ তেল চুৰি কৰি থাকোতে জব্দ হৈছে টেংকাৰ ৷ জিলাখনৰ ইটাখুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপত চুৰি কৰি থকা অৱস্থাতে NL-01-AA-2348 নম্বৰৰ এখন টেংকাৰৰ লগতে চুৰিৰ সৈতে জড়িত সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷

তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

উল্লেখ্য় যে, দুদিন পূৰ্বে লোহাৰি বঙালী গাঁৱত চুৰি কৰি থকা অৱস্থাতে AS-23-AC-4377 নম্বৰৰ এখন টেংকাৰ জব্দ কৰিছিল ৷ জিলাখনৰ বিভিন্ন তৈল খাদৰ পৰা ওলোৱা পাইপত তেপিং পইণ্ট আৰু অতিৰিক্ত পাইপ লগাই অসাধু চক্ৰই চলাই আহিছে এই তেল চুৰি চক্ৰৰ ব্যৱসায় ।

তিনিচুকীয়াত পুনৰ তেল চুৰি কৰা অৱস্থাত জব্দ টেংকাৰ

ক্ৰমান্বয়ে ব্যক্তিগত খণ্ডলৈ গতি কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ অইলে নিৰাপত্তাৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি আহিছে যদিও নিৰাপত্তা দিয়াত যেন ব্যৰ্থ হৈছে প্ৰশাসন ৷ তেল চুৰি কৰিবলৈ ব্যৱহাৰ কৰা গাড়ীৰ লগতে আন আন সামগ্ৰী জব্দ কৰিব পাৰিলেও বৰ্তমানো আটক কৰিব পৰা নাই চোৰাং ব্যৱসায়ী কেইজনক ৷ বিগত তিনিমাহত সামগ্ৰীসমূহ জব্দ কৰাৰ পাচত 8 খনকৈ এজাহাৰ অইলৰ ফালৰ পৰা দিয়া হৈছে যদিও তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক :মাহমৰাত কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিলে বহু যুৱকে

ABOUT THE AUTHOR

...view details