অসম

assam

By

Published : Sep 5, 2020, 8:38 PM IST

ETV Bharat / state

প্ৰশাসনে চীল কৰিলে ডুমডুমাৰ ডাঃ ওঝাৰ নাৰ্চিং হোম

শীঘ্ৰেই চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ভগীয়া প্ৰমীলা ছেত্ৰীক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে গোৰ্খা ছাত্ৰ সন্থাই ।

nursing-home-sealed
প্ৰশাসনে চীল কৰিলে ডুমডুমাৰ ডাঃ ওঝাৰ নাৰ্চিং হোম

ডুমডুমা, 5 চেপ্টেম্বৰ :অৱশেষত ডুমডুমাস্থিত ডাঃ ওঝাৰ নাৰ্চিং হোম চীল কৰিলে প্ৰশাসনে । উল্লেখযোগ্য যে, নাৰ্চিং হোমখনত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বলি হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল প্ৰমীলা ছেত্ৰী নামৰ ফিল'বাৰীৰ এগৰাকী প্ৰসূতিয়ে । যাৰ প্ৰতিবাদত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ পাছতেই প্ৰশাসনে ডাঃ ওঝাৰ নাৰ্চিং হোম চীল কৰা কাৰ্যক আদৰণি জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে । ইফালে ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বনৰ ডুমডুমা শাখাই অভিযুক্ত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাক ৰক্ষণাবেক্ষণ দিবলৈ আপ্ৰাণ চেষ্টা চলোৱা কাৰ্যক সকীয়নি প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাই ।

প্ৰশাসনে চীল কৰিলে ডুমডুমাৰ ডাঃ ওঝাৰ নাৰ্চিং হোম

শীঘ্ৰেই চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ভগীয়া প্ৰমীলা ছেত্ৰীক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে গোৰ্খা ছাত্ৰ সন্থাই ।
লগতে পঢ়ক : চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক

ABOUT THE AUTHOR

...view details