ডুমডুমা, 13 এপ্ৰিল : সদ্যসমাপ্ত অৰুণাচল প্ৰদেশ লোকসভা নিৰ্বাচনৰ পাচতো ৰাজ্যখনত শাম-কটা নাই নিৰ্বাচনী হিংসা ৷ 11 এপ্ৰিলত ৰাজ্যখনত হৈ যোৱা নিৰ্বাচনৰ পাচতেই বৰডুমচাৰ ডায়োন সমষ্টিৰ বিধায়ক তথা এনপিপি দলৰ প্ৰাৰ্থী নিক কামিনৰ বিৰুদ্ধে ডায়োন আৰক্ষী থানাত ৰুজু হৈছে মাৰপিটৰ গোচৰ ৷
অৰুণাচলত NPP প্ৰাৰ্থীৰ বিৰুদ্ধে মাৰপিটৰ গোচৰ - arunachal pradesh
অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসাৰ বলি নিৰ্দলীয় দলৰ সমৰ্থক ৷ NPP ৰ সমৰ্থকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থী সামলুং মোচাঙৰ সমৰ্থকক ৷ অভিযোগ উত্থাপন হৈছে NPP ৰ প্ৰাৰ্থী তথা বিধায়ক নিক কামিনৰ বিৰুদ্ধেও ৷
অভিযোগ অনুসৰি, নিক কামিনৰ লগতে তেওঁৰে একাংশ সমৰ্থকে একে সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সামলুং মোচাঙৰ সমৰ্থকক ডায়োনৰ অভয়পুৰ স্থিত এনপিপি কাৰ্যালয়ত মাতি আনি মাৰপিট কৰে ৷ শাৰীৰিক অত্যাচাৰৰ বলি হোৱা লোক তিনিজন হৈছে ক্ৰমে, বিনোদ ছেত্ৰী, অৰ্জুন মুৰা, মুৰাৰি পাঁচোৱান আৰু গণেশ দেউৰী ৷ শনিবাৰে বিধায়ক নিক কামিনৰ বিৰুদ্ধে পৃথকে-পৃথকে এজাহাৰ দাখিল কৰে ভুক্তভোগী লোককেইজনে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও ধৰা পৰা নাই কোনো অভিযুক্ত৷
উল্লেখ্য যে, অৰুণাচলৰ প্ৰদেশৰ 2 টা লোকসভা আৰু 60 টা বিধাসভা সমষ্টিত 11 এপ্ৰিলত অনুষ্ঠিত হয় নিৰ্বাচন৷