অসম

assam

ETV Bharat / state

NFSA rice scam : চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব, পলাতক অৱস্থাত অভিযুক্ত সচিবজন - Assam govt latest scam news

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউলত ব্যাপক দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ । তিনিচুকীয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰি বাতিল কৰিছে সমবায় প্ৰতিষ্ঠানখনৰ অনুজ্ঞাপত্ৰ ।

NFSA rice scam in tinsukia
চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:03 PM IST

চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

তিনিচুকীয়া, 12 ছেপ্টেম্বৰ: তিনিচুকীয়াত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ চাউলত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । ধলাৰ ছৈখোৱাঘাট সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালে চাউল কেলেংকাৰীত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত তিনিচুকীয়াৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰি বাতিল কৰিছে সমবায় প্ৰতিষ্ঠানখনৰ অনুজ্ঞাপত্ৰ ।

ছৈখোৱাঘাট সমবায় সমিতি লিমিটেডৰ সচিব ভূৱন সোণোৱালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জুলাই মাহৰ 1063 কুইন্টল 55 কেজি চাউলৰ কেলেংকাৰী সংঘটিত কৰিছিল ৷ ভূৱন সোণোৱালে জুলাই মাহৰ সুলভ মূল্যৰ চাউল এক কেজিও দিয়া নাছিল সমবায়খনৰ এজেণ্টক ৷ চৰকাৰী চাউলৰ কেলেংকাৰী অনিয়মকলৈ ধলা আৰক্ষী থানাত ভূৱন সোণোৱালৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ বৰ্তমান পলাতক অৱস্থাত আছে দুৰ্নীতিগ্ৰস্ত সচিব ভূবন সোণোৱাল ৷

সমবায় সমিতিৰ সচিব অভিযুক্ত ভূবন সোণোৱাল

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদন্তকাৰী বিষয়াক 16-17, 17-18, 18-19, 19-20 বৰ্ষৰ হিচাপ দিব পৰা নাই সমবায়খনৰ দুৰ্নীতিগ্ৰস্ত সচিব ভূবন সোণোৱালে ৷ উল্লেখ্য যে, 2015 চনৰো ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ 1653 কুইন্টল 15 কেজি চাউলৰ অনিয়মকলৈও এটা গোচৰ আদালতত চলি আছে ভূৱন সোণোৱালৰ বিৰুদ্ধে ৷ ইপিনে, শদিয়া আৰক্ষীয়ে ধলা থানা গোচৰ ৰুজু কৰি ভূৱন সোণোৱালক বিচাৰি আছে যদিও পলাতক ভূৱন সোণোৱালক আটক কৰিব পৰা নাই শদিয়া আৰক্ষীয়ে ৷

চাউল কেলেংকাৰীত জড়িত সমবায় সমিতিৰ সচিব

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলা আছুৰ সহকাৰী সাধাৰণ সম্পাদক পুহেশ্বৰ সোণোৱালে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষী তথা জিলা প্ৰশাসনক দাবী জনাইছে ৷ লগতে পলাতক দুৰ্নীতিগ্ৰস্ত সমবায়খনৰ সচিব ভূৱন সোণোৱালক জেৰা চলায় এই চাউল কেলেংকাৰীত আৰু কোন কোন বৰ বৰ বিষয়া জড়িত আছে তেওঁলোককো তদন্তৰ আওতালৈ আনিবলৈ দাবী তুলিছে ৷

লগতে পঢ়ক:Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ABOUT THE AUTHOR

...view details